আগৰতলা,১৭ মাৰ্চ :আজিৰ পৰা আৰম্ভ হৈছে ত্ৰিপুৰাৰ বাজেট অধিৱেশন (Tripura budget session)। ৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব এই বাজেট অধিৱেশন । বাজেট অধিৱেশনৰ পূৰ্বে বুধবাৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ আহ্বানত এক বিশেষ বৈঠক অনুষ্ঠিত হয় (Tripura CM held pre budget meeting)। এই প্ৰাক-বাজেট বৈঠকত মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মাৰ লগতে বিজেপি-আইপিএফটিৰ মিত্ৰজোঁটৰ মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকে ।
টুইটাৰত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে বৈঠক (Pre budget meeting held in Tripura) সম্পৰ্কে কয় যে, এই বৈঠকত আগন্তুক বাজেট অধিৱেশনৰ বাবে সদনৰ ৰণনীতিৰ ওপৰত বিতং আলোচনা কৰা হয় । ইফালে অধিৱেশন সম্পৰ্কে যোৱা বুধবাৰে বিধানসভা চৌহদত ব্যৱসায় উপদেষ্টা সমিতিৰ (Business Advisory Committee) এখন বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকত ব্যৱসায়ৰ প্ৰস্তাৱসমূহ উত্থাপন কৰা হৈছিল আৰু ট্ৰেজাৰী বেঞ্চৰ সকলো সদস্য আৰু বিৰোধীয়ে সৰ্বসন্মতিক্ৰমে ইয়াক গ্ৰহণ কৰিছিল ।