আগৰতলা,২৩ ফেব্ৰুৱাৰী :ত্ৰিপুৰাত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে (Raid against drugs in Tripura)। ইয়াৰ মাজতে ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ বাবে পুনৰ কঠোৰ হৈছে চৰকাৰ । ড্ৰাগছ ব্যৱসায়ীসকলক এইবাৰ সকিয়নী দিলে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (CM Biplab Kumar Dev warns drug mafia)।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰাখিব চৰকাৰে । অবৈধভাৱে উপাৰ্জন কৰা প্ৰতিটো টকাৰ হিচাপ দিব লাগিব সেইসকল লোকে । আগৰতলাৰ ইন্দ্ৰনগৰস্থিত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ নতুন হোষ্টেল ভৱনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি ড্ৰাগছ ব্যৱসায়ীসকলক সতৰ্ক কৰি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে এই ব্যৱসায়ৰ লগত জড়িত সকলৰ বাসগৃহত অভিযান চলোৱা হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
ইফালে ড্ৰাগছৰ সৰবৰাহকাৰীৰ উত্থানৰ ক্ষেত্ৰত পূৰ্বৰ চিপিআই(এম) চৰকাৰক দোষাৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁৰ মতে পূৰ্বৰ চৰকাৰে ড্ৰাগছ ব্যৱসায়ীসকলক আশ্ৰয় দিছিল । তেতিয়াৰ চৰকাৰৰ এই ক্ষেত্ৰত আস্থা থাকিলে তেওঁলোকে কেতিয়াও ড্ৰাগছ ব্যৱসায়ীৰ ক্ষেত্ৰত আপোচ নকৰিলেহেঁতেন । ২০ বছৰতকৈও অধিক সময় শাসন কৰা চিপিআই(এম) চৰকাৰে ৰাজ্যখনত ড্ৰাগছ মাফিয়াসকলৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছিল বুলিও অভিযোগ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।