অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত 16 খন এম্বুলেন্স সেৱাৰ মুকলি মুখ্যমন্ত্ৰীৰ - ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

ত্ৰিপুৰাৰ নাগৰিকসকলৰ স্বাস্থ্য আৰু সুৰক্ষা দিশটো অধিক ত্বৰান্বিত কৰাৰ বাবে শুভাৰম্ভ কৰা হয় এই সেৱাৰ (Tripura CM launches 24 life support ambulances) ৷ প্ৰায় 2.50 কোটি টকা ব্যয়ৰে ক্ৰয় কৰা হয় এম্বুলেন্সকেইখন ।

Tripura CM launches 24 life support ambulances
ত্ৰিপুৰাত 16 খন এম্বুলেন্স সেৱাৰ মুকলি মুখ্যমন্ত্ৰীৰ

By

Published : Mar 5, 2022, 9:28 AM IST

আগৰতলা, 5 মাৰ্চ :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে শুকুৰবাৰে ৰাজ্যখনৰ ৰাজধানী আগৰতলাত 16 খন এম্বুলেন্স সেৱা মুকলি কৰে ৷ প্ৰায় 2.50 কোটি টকা ব্যয়ৰে ক্ৰয় কৰা হৈছে এই এম্বুলেন্সকেইখন । সাংবাদিকৰে হোৱা বাৰ্তালাপ স্বাস্থ্যমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী দেৱে নাগৰিকসকলৰ স্বাস্থ্য আৰু সুৰক্ষা দিশটো অধিক ত্বৰান্বিত কৰাৰ বাবে এই সেৱাৰ শুভাৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷

এই 16 খন এম্বুলেন্সৰ 12 খন উপ-বিভাগীয় চিকিৎসালয়লৈ আৰু 4 খন ত্ৰিপুৰাৰ চাৰিখন জিলাৰ প্ৰাথমিক স্বাস্থ্য সেৱাৰ বাবে প্ৰেৰণ কৰা হ'ব । মুখ্যমন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত উন্নত স্বাস্থ্য সুবিধা প্ৰদানৰ বাবে এক নতুন দিশত কাম কৰি আছে বুলি জানিবলৈ দিয়ে । তেওঁ লগতে ক’ভিডৰ সময়তো জনতাৰ সুবিধাৰ্থে 9 খন এম্বুলেন্স মুকলি কৰাৰ কথা জানিবলৈ দিয়ে ৷

ত্ৰিপুৰাত 16 খন এম্বুলেন্স সেৱাৰ মুকলি মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ স্বাস্থ্য সুবিধা উন্নত হৈছে বুলি দাবী কৰি স্বাস্থ্য আন্তঃগাঁথনিৰ আধুনিকীকৰণ আৰু উন্নত সেৱাৰ বিকেন্দ্ৰীকৰণৰ ফলস্বৰূপে স্বাস্থ্যৰ ক্ষেত্ৰত কেইবাটাও সফলতা অৰ্জন কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ ভিতৰত অন্যতম হৈছে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ(Open-heart Surgery) । মুখ্যমন্ত্ৰী দেৱে জটিল ৰোগৰ চিকিৎসাৰ ব্যৱস্থাৰ লগতে উন্নত স্বাস্থ্যসেৱাৰ জৰিয়তে ৰেফাৰেলৰ সংখ্যা শূন্যলৈ হ্ৰাস কৰাই তেওঁৰ মুখ্য লক্ষ্য বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, এই এম্বুলেন্সকেইখনৰ জৰিয়তে ত্ৰিপুৰাৰ দক্ষিণ দিশত অৱস্থিত বেলোনিয়া, চাব্ৰুম আৰু মনুবজাৰ, গোমতী জিলাৰ উদয়পুৰ আৰু অমৰপুৰত, চেপাহিজল জিলাৰ মেলাঘৰ আৰু বিশলগড়ত, ধলাই জিলাৰ কমলপুৰ আৰু গান্দাচেৰা, কাঞ্চনপুৰ আৰু উত্তৰ জিলাৰ পানীচাগৰ আৰু খোৱাই জিলাৰ তুলিয়ামুৰাৰ লোকসকল উপকৃত হ’ব ৷

লগতে পঢ়ক :নাগালেণ্ডৰ আয়ুস স্বাস্থ্যসেৱা খণ্ডৰ বাবে শ কোটি টকা বিনিয়ােগ কৰা হ'ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱাল

ABOUT THE AUTHOR

...view details