আগৰতলা,২০ মে': ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই শুকুৰবাৰে জিবি পন্ট হাস্পতালখন পৰিদৰ্শন কৰে(Tripura CM Manik Saha visits GB Pant Hospital) । চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসক আৰু প্ৰশাসনিক কৰ্তৃপক্ষক জিবি পন্ট চিকিৎসালয়ৰ নিম্নতম সেৱা আৰু অধিক বৃদ্ধি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে(Tripura CM orders minimum service and enhancement of GB Pant Hospital) । চিকিৎসালয়খন পৰিদৰ্শনৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষৰে এখন বৈঠকতো মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।
বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, চিকিৎসালয়খনৰ আন্তঃগাঁথনি বৰ্তমান ভাল অৱস্থাত আছে । গতিকে চিকিৎসকসকলে চিকিৎসালয়ত উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ দায়িত্ব ল'ব লাগিব । নিম্নতম সেৱাসমূহ উন্নত কৰাৰ কথা উল্লেখ কৰি ৰোগী সকলে যাতে মজিয়াত শুব নালাগে তাৰ প্ৰতিও কৰ্তৃপক্ষক গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়ে ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে । চিকিৎসালয়খনৰ নিয়মীয়া চাফাই, ৰোগীৰ স্বাস্থ্যৰ সঠিক যতন ইত্যাদিৰ ক্ষেত্ৰত মনোযোগ দিবলৈ পৰামৰ্শ প্ৰদান কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, এই চিকিৎসালয়খনৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হৈছে । এনেক্ষেত্ৰত আন্তঃগাঁথনি ভাল হ'লেও তত্বাৱধান গুৰুত্বপূৰ্ণ ।