নেশ্যনেল ডেস্ক, ১১ নৱেম্বৰ: ত্ৰিপুৰাৰ আগৰতলাৰ পৰা বাংলাদেশলৈ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াক আহ্বান জনালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে । বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে ভিডিঅ' কনফাৰেন্সযোগে এখন বৈঠকত মিলিত হয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ।
এই বৈঠকতে পোনপটীয়াকৈ আগৰতলাৰ পৰা বাংলাদেশলৈ বিমান চলাচল কৰিবলৈ আহ্বান জনায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । ভাৰ্চুৱেল বৈঠকখনত ৰাজ্যখনৰ মুখ্য সচিব কুমাৰ আলোক আৰু পৰিবহণ বিভাগৰ মুখ্য সচিব শ্ৰীৰাম তৰুণিকান্তেও অংশ লয় ।
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰীগৰাকীক বিপ্লৱ কুমাৰ দেৱে ৰাজ্যখনৰ বিমান পৰিবহণ সম্পৰ্কীয় কেইবাটাও বিষয় অৱগত কৰায় । এই বৈঠকত ত্ৰিপুৰাৰ উনাকোটি জিলাৰ কৈলাশহৰ বিমানবন্দৰত বিমান পৰিবহণ আৰম্ভ কৰাৰ বিষয়টো বিশেষভাৱে আলোচনা কৰা হয় ।
বৈঠকখনত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক খোৱাই, কমলপুৰ আৰু কৈলাশহৰ বিমানবন্দৰৰ বৰ্তমানৰ অৱস্থাৰ বিষয়েও জনায় । এই বিমানবন্দৰসমূহৰ তত্বাৱধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী সিন্ধিয়াক আহ্বান জনায় ।