নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : ক'ভিড-19ত আক্ৰান্ত হৈছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ ৷ বুধবাৰে সামাজিক মাধ্যমযোগে আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
টুইটযোগে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "মই ক'ভিড-19ত আক্ৰান্ত হৈছো ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত মই চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঘৰতে আছুতীয়াকৈ আছো ৷ সেয়েহে মোৰ সংস্পৰ্শলৈ অহা সকলো লোককে স্বাস্থ্য পৰীক্ষাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনালো ৷"