নেশ্যনেল ডেস্ক,11অক্টোবৰ:ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাই চলিত ৯ অক্টোবৰৰ দিনা কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰে এক বিশেষ আবেদন (Tripura CM Manik Saha) ৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ চটগং বন্দৰৰ সৈতে ত্ৰিপুৰা সংযোগী ফেনী নদীৰ ওপৰত থকা মৈত্ৰী দলংখন কাৰ্যক্ষম কৰাৰ বাবে সকলো সুবিধা সম্পূৰ্ণ কৰিবলৈ বাংলাদেশ চৰকাৰৰ প্ৰতি অনুৰোধ জনায় মানিক সাহাই । উত্তৰ-পূব পৰিষদৰ পূৰ্ণাংগ অধিবেশনৰ বৈঠকৰ সময়ত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে উল্লেখ কৰে যে, দেশৰ (PM Narendra Modi) কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখলৈ আনিবলৈ সক্ষম হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসাৰে উপচাই পেলায় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি আৰু উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অটল দায়বদ্ধতাই যোৱা ৮ বছৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে । সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস(Sabka Saath, Sabka Vikas, Sabka Viswas and Sabka Prayas) কাৰ্যসূচী উত্তৰ-পূৰ্বাঞ্চলত সফলভাৱে ৰূপায়িত কৰা পৰিলক্ষিত হৈছে বুলি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে তাৰে উন্নয়নৰ ৰেঙণি দেখিবলৈ পোৱা গৈছে বুলি কেন্দ্ৰীয় চৰকাৰখনৰ কাৰ্যক্ৰমণিকাৰ শলাগ লয় ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী তথা ন বিজেপি নেতাগৰাকীয়ে ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী, এন ই চিৰ অধ্যক্ষ অমিত শ্বাহৰ(Union home minister Amit Shah) প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি শ্বাহে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি কয় । সভাত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে শেহতীয়াকৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত হোৱা দ্বিপাক্ষিক বৈঠকত, ত্ৰিপুৰাৰ মাজেৰে বেপাৰ-বাণিজ্য সন্দৰ্ভত আলোচনা কৰা হৈছিল ।