অসম

assam

ETV Bharat / bharat

Presidential Election : দ্ৰৌপদী মূৰ্মুৰ বিজয়ত আত্মবিশ্বাসী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী - Tripura Deputy CM vote for Draupodi Murmu

ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ বাকী অংশৰ লগতে ত্ৰিপুৰাতো পুৱা ১০ বজাত আৰম্ভ হয় ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ শাসনাধিষ্ঠিত বিজেপি আৰু ইয়াৰ সহযোগী ইণ্ডিজেনাছ পিপল ফ্ৰণ্ট অব ত্ৰিপুৰা (আইপিএফটি) আৰু চিপিআইএম আৰু কংগ্ৰেছকে ধৰি বিৰোধী দলৰ সকলো বিধায়কে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে ভোটদান কৰে (BJP and IPFT supprt Draupodi Murmu in Tripura)৷

a
a

By

Published : Jul 18, 2022, 4:05 PM IST

নিউজ ডেস্ক, ১৮ জুলাই : আজি অনুষ্ঠিত হৈছে দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (President Election of India) । ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহা আৰু উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই কয় যে তেওঁলোক যথেষ্ট আত্মবিশ্বাসী যে দ্ৰৌপাদী মূৰ্মুৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত বিপুল ভোটত জয়ী হ'ব (Dr Manik Saha vote for Draupodi Murmu) ।

উল্লেখ্য, ভাৰতৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে দেশৰ বাকী অংশৰ লগতে ত্ৰিপুৰাতো পুৱা ১০ বজাত আৰম্ভ হয় ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ শাসনাধিষ্ঠিত বিজেপি আৰু ইয়াৰ সহযোগী ইণ্ডিজেনাছ পিপল ফ্ৰণ্ট অব ত্ৰিপুৰা (আইপিএফটি) আৰু চিপিআইএম আৰু কংগ্ৰেছকে ধৰি বিৰোধী দলৰ সকলো বিধায়কে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে ভোটদান কৰে (BJP and IPFT support Draupodi Murmu in Tripura)৷

অৱশ্যে, আইপিএফটিৰ এজন বিধায়ক ব্ৰিশ্বকেতু দেৱ বৰ্মাই ভোটদানত উপস্থিত নাথাকে । আনহাতে, মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ভোটদান কৰে । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপত ড০ সাহাই কয়, "আমি আজি ইয়ালৈ আহিছোঁ আমাৰ এন ডি এ প্ৰাৰ্থী তথা জনজাতীয় সম্পৰ্দায়ৰ দ্ৰৌপদী মূৰ্মুক ভোট দিবলৈ (Tripura CM Manik Saha voted to Draupodi Murmu)।

উল্লেখ্য, দ্ৰৌপদী মূৰ্মুৱে কেইদিনমান আগতে ত্ৰিপুৰা ভ্ৰমণ কৰিছিল । সেই প্ৰসংগ উল্লেখ কৰি মাণিক সাহাই কয়, "মই যথেষ্ট আত্মবিশ্বাসী যে তেওঁ বিশাল ব্যৱধানত বিজয় লাভ কৰিব । কেৱল আমাৰ দলেই নহয়, আন দলেও তেওঁক সমৰ্থন আগবঢ়াইছে আৰু তেওঁ জয়লাভ কৰিব (NDA candidate Droupadi Murmu) । সকলোৱে আহিছে তেওঁক ভোট দিবলৈ ।" লগতে তেওঁ উল্লেখ কৰে যে ক্ৰছ-ভোটিঙৰ কোনো সম্ভাৱনা নাই । তেওঁ লগতে কয়, "আমি বিৰোধী দলসমূহকো ভোট দিবলৈ আহ্বান জনাইছোঁ । কিয়নো প্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় ব্যক্তি ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আৰু মই অনুভৱ কৰোঁ যে তেওঁলোকে সমৰ্থন কৰা উচিত ।"

আনহাতে, উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মাই কয় যে বিজেপিয়ে মূৰ্মুৰ দৰে প্ৰাৰ্থী দি ইতিহাস সৃষ্টি কৰিছে ।" ইতিহাসত এইটোৱে প্ৰথমবাৰৰ বাবে ঘটনা যে এগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী (First indigenous lady President candidate in India) । এইটো ভাৰতৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ দিন । এইটোৱেই হৈছে গণতন্ত্ৰৰ জনসাধাৰণৰ বাবে আৰু জনসাধাৰণৰ দ্বাৰাৰ প্ৰকৃত অৰ্থ । তেওঁ এগৰাকী ৰাজ্যপাল আছিল । মূৰ্মুৰ দৰে প্ৰাৰ্থী দিয়াৰ বাবে মই প্ৰধানমন্ত্ৰী মোডীক ধন্যবাদ জনাব বিচাৰো ।" তেওঁ কয় ।

"বিজেপিয়ে ইতিহাস সৃষ্টি কৰিছে । আমি তেওঁক আন্তৰিকতাৰে সমৰ্থন কৰি আছোঁ । মই তেওঁক আগতীয়াকৈ অভিনন্দন জনাব বিচাৰোঁ আৰু মই আশা কৰো যে বিৰোধী দলসমূহেও দেশৰ বাবে তেওঁক ভোট দিব (Tripura Deputy CM vote for Draupodi Murmu) ।" উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় ।

লগতে পঢ়ক :Presidential Polls 2022: সন্মুখ সমৰত দ্ৰৌপদী মুৰ্মু আৰু যশোৱন্ত সিনহা

ABOUT THE AUTHOR

...view details