নেশ্যনেল ডেস্ক,৫ মে': পশ্চিমবংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছ প্ৰধান মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিত বিজেপি প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয়বৰণ কৰিবলগীয়া হয় । এতিয়া মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ।
তেওঁৰ মতে, তৃণমূল কংগ্ৰেছ এটা পৃথক দল আৰু তেওঁলোকৰ নিজৰ নেতা বাচনি কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে । কিন্তু মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচনত ৰাইজে প্ৰত্যাখ্যান কৰাৰ পিছতো এতিয়াও তেওঁ মুখ্যমন্ত্ৰীৰ আসনৰ আশা এৰা নাই । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সেয়ে মমতা বেনাৰ্জীৰ নৈতিক মূল্যবোধৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে । তেওঁ কয় যে, মমতা বেনাৰ্জীয়ে বুজি পোৱা উচিত যে ৰাইজে তেওঁক এতিয়া নিবিচাৰে । তেওঁৰ নেতৃত্বত ৰাজ্য চলাতো বিচৰা নাই ।
নিজৰ কথা উল্লেখ কৰি বিপ্লৱ কুমাৰ দেৱে কয় যে, যদি তেওঁৰ ক্ষেত্ৰত এনে ঘটনা সংঘটিত হ'লহেঁতেন, তেন্তে তেওঁ দলৰ হাই কামাণ্ডৰ ওচৰত পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱাৰ পৰা বিৰত থকাৰ ইচ্ছা ব্যক্ত কৰিলেহেঁতেন । আনহাতে, বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰদৰ্শন আৰু নিৰ্বাচনত ভোটৰ হাৰ যথেষ্ট বৃদ্ধিৰ বাবে প্ৰশংসা কৰি তেওঁ কয় যে, বিজেপিয়ে সকলো ৰাজ্যতে নিজৰ স্থিতি উন্নত হোৱাৰ প্ৰমাণ দিছে ।
অসমত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে । কেৰালাত ভোটৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে । পুডুচেৰীতো এনডিএ-ৰ বিজয় ধ্বজ্জা উৰিছে । পশ্চিমবংগত বিজেপিৰ আসনৰ সংখ্যা তিনিখনৰ পৰা ৭৭ খনলৈ বৃদ্ধি পাইছে । তামিলনাডুত বিজেপিয়ে চাৰিখন আসন লাভ কৰিছে । আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত পশ্চিমবংগত সংঘটিত হোৱা হিংসাত্মক ঘটনাক গৰিহণা দি বিপ্লৱ কুমাৰ দেৱে কয় যে, অসমত বিজেপিয়ে শাসন কৰি আছে ।