নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী: আগৰতলা চহৰৰ নিকটৱৰ্তী ফটিকছেৰা চাহ খেতিৰ বাবে পৰিচিত। বিশেষকৈ উচ্চ মানৰ 'হোৱাইট টি'ৰ বাবে ফটিকছেৰা জনাজাত । চাহ খেতিৰ বাবে জনাজাত এই ফটিকছেৰাত এতিয়া কাঠফুলা খেতিৰে বিপ্লৱ আনিছে চাকৰিৰ পৰা বঞ্চিত এগৰাকী শিক্ষকে । বাবুল দেৱনাথ নামৰ শিক্ষকগৰাকী ১০,৩২৩ গৰাকী চাকৰিৰ পৰা বঞ্চিত শিক্ষকৰ মাজৰে এজন । কিন্তু হেৰুওৱাৰ ক্ষোভত প্ৰতিবাদ নকৰি অথবা ঘৰতে বহি নাথাকি সম্প্ৰতি বাবুল দেৱনাথে উচ্চ দৰৰ চাহৰ সমান্তৰালভাৱে নিজৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে ।
'মিল্কী কিং' হিচাপে খ্যাত বাবুল দেৱনাথে কাঠফুলা খেতিৰ সৈতে জড়িত কৃষকসকলক এগৰাকী পৰামৰ্শদাতা তথা এগৰাকী শিক্ষক হিচাপে সদায় সহায়ৰ হাত আগবঢ়াই আহিছে । তেওঁৰ হাতত চক পেঞ্চিল আৰু ডাষ্টাৰ নাথাকিব পাৰে, কিন্তু তথাপিও তেওঁ কৃষকসকলক কাঠফুলা খেতিৰ বিষয়ত জ্ঞান দি আহিছে বাবুলে । বাবুল দেৱনাথে প্ৰকাশ কৰা মতে, তেওঁ বহু পৰিমাণে মিল্কী কাঠফুলা উৎপাদন কৰিছে আৰু তেওঁৰ অধীনত কাম কৰা বহু কৃষকক এই বিষয়ে পৰামৰ্শ আগবঢ়াই আহিছে । সেয়েহে তেওঁক কৃষকসকলে 'মিল্কী কিং' আখ্যা দিছে । তেওঁ জনোৱা মতে, তেওঁ দীৰ্ঘদিন ধৰি কাঠফুলাৰ খেতি কৰি আছে ।
আনকি, নিযুক্তি লাভ কৰাৰ পূৰ্বৰে পৰা তেওঁৰ মনত নিজাকৈ কিবা এটা কৰাৰ হেঁপাহ আছিল । ত্ৰিপুৰাৰ মানুহে কাঠফুলা খাদ্য তালিকাত সঘনাই অন্তৰ্ভুক্ত কৰাৰ আগৰে পৰা তেওঁ কাঠফুলা খেতিৰ সৈতে জড়িত হৈ আছিল বুলিও জানিবলৈ দিয়ে বাবুল দেৱলালে । তেওঁ কয় যে, তেওঁ বিগত বৰ্ষত বটন কাঠফুলাৰ খেতি কৰিছিল যদিও কিছু অসুবিধাৰ বাবে শস্য নষ্ট হৈছিল । বাবুল দেৱলালৰ মতে, বটন কাঠফুলা হৈছে এক বিশেষ ধৰণৰ কাঠফুলা আৰু ইয়াক সাধাৰণতে ঠাণ্ডা ঠাইত উৎপাদন কৰা হয় । ত্ৰিপুৰাত বটন কাঠফুলা কেৱল শীত কালতহে উৎপাদন কৰিব পাৰি ।