নেশ্যনেল ডেস্ক,২১ মাৰ্চ: অসম-বাংলাদেশ সীমান্তত কঠোৰ হৈছে বিএছএফ বাহিনী । সীমান্তত বিভিন্ন চোৰাং সৰবৰাহৰ ক্ষেত্ৰত অভিযান অব্যাহত ৰাখিছে সীমান্তত নিয়োজিত বিএছএফ বাহিনীয়ে । শনিবাৰে পুৱা উত্তৰ ত্ৰিপুৰা জিলাৰ কাদমতলা অঞ্চলৰ অন্তৰ্গত ইয়াকুবনগৰ সীমান্তত বিএছএফৰ হাতত নিহত হয় এজন বাংলাদেশৰ গৰুৰ চোৰাং ব্যৱসায়ী । বাপ্পা মিয়া নামৰ চোৰাং ব্যৱসায়ী জনৰ বিৰুদ্ধে সীমান্তত বিভিন্ন চোৰাং কাৰ্যকলাপ সন্দৰ্ভত গোচৰ ৰুজু হৈ আছিল । বাংলাদেশৰ মৌলবী বজাৰ অঞ্চলৰ পৰা আহি সীমান্তৰে গৰুৰ চোৰাং সৰবৰাহ কৰি থকাৰো অভিযোগ আছে বাপ্পা মিয়াৰ বিৰুদ্ধে ।
বি এছ এফৰ মতে শনিবাৰে বিএছএফৰ ইয়াকুবনগৰ সীমান্ত আউটপোষ্টৰ অধীনৰ এটা অঞ্চলত বৃহৎ গৰু সৰবৰাহকাৰী এটা দল একগোট হৈছিল । ১০-১২ জনীয় দলটো দুয়োখন দেশৰ সীমান্তত বিভক্ত হৈ আছিল । যেতিয়া তেওঁলোকৰ এটা দলে আইবিবি ফেঞ্চিং কাটিবলৈ আৰম্ভ কৰিছিল বিএছএফে বাধা দিছিল আৰু তেওঁলোকক খেদি গৈছিল । সেইসময়তে গৰু সৰবৰাহকাৰী চক্ৰটোৱে বিএছএফক আক্ৰমণ কৰিছিল আৰু বিএছএফৰ ফালে শিল নিক্ষেপ কৰিছিল ।