অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাত অব্যাহত আছে ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া - BRU RESETTLEMENT

পৰ্যায়ক্ৰমে ব্ৰু শৰণাৰ্থীসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে ত্ৰিপুৰা চৰকাৰে । তাৰ অংশস্বৰূপে সোমবাৰে ৯৭ টা পৰিয়ালক তেওঁলোকৰ স্থায়ী ঘৰলৈ স্থানান্তৰ কৰা হয় ।

TRIPURA BRU RESETTLEMENT
ত্ৰিপুৰাত অব্যাহত আছে ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া

By

Published : May 18, 2021, 5:11 PM IST

নেশ্যনেল ডেস্ক, ১৮ মে': ত্ৰিপুৰাত দ্ৰুতগতিত চলিছে ব্ৰু শৰণাৰ্থীসকলৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া । পৰ্যায়ক্ৰমে শৰণাৰ্থীসকলক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । তাৰ অংশস্বৰূপে সোমবাৰে ৯৭ টা পৰিয়ালক তেওঁলোকৰ স্থায়ী ঘৰলৈ স্থানান্তৰ কৰা হয় ।

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীক জনায় যে, ব্ৰু শৰণাৰ্থীসকলৰ পুন: সংস্থাপন প্ৰক্ৰিয়া দ্ৰুত গতিত আগবাঢ়িছে । মুখ্যমন্ত্ৰীগৰাকী কয় যে কাঞ্চনপুৰৰ পৰা ব্ৰু পৰিয়ালসমূহৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে । ৯৭ টা পৰিয়ালক ধলাই জিলালৈ স্থানান্তৰিত কৰা হৈছে ।

ত্ৰিপুৰাত অব্যাহত আছে ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া

মহামাৰীৰ এই পৰিস্থিতিৰ মাজতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে এই পদক্ষেপ লোৱাত সহযোগ কৰাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী নেতাক ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে আশা কৰা মতে ইয়াৰ জৰিয়তে ব্ৰু পৰিয়ালবোৰে সন্মান আৰু সুযোগৰ সন্ধানত জীৱন যাপন কৰিবলৈ সক্ষম হ'ব ।

ত্ৰিপুৰাত অব্যাহত আছে ব্ৰু শৰণাৰ্থীৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া

এছডিএম কাঞ্চনপুৰ চান্দনী চন্দ্ৰনে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এতিয়ালৈকে ধলাই জিলাৰ দুটা স্থানত মুঠ ৪৯৫ টা ব্ৰু পৰিয়ালক তেওঁলোকৰ স্থায়ী ঘৰলৈ প্ৰেৰণ কৰা হৈছে । তেওঁলোকৰ ভিতৰত হাদুকলাপাৰাত ৩০০ টা পৰিয়াল আৰু বনগোফাপাৰাত ১৯৫ টা পৰিয়াল আছে । বোনোগোফাপাৰালৈ অতি সোনকালেই আৰু ১০৫ টা পৰিয়াল প্ৰেৰণ কৰা হ'ব ।

উল্লেখ্য যে, জাতিগত সংঘৰ্ষৰ পিছত ব্ৰু শৰণাৰ্থীসকলে মিজোৰামৰ তেওঁলোকৰ জন্মভূমি এৰিবলৈ বাধ্য হৈছিল আৰু উত্তৰ ত্ৰিপুৰা জিলাৰ ছয়টা সাহায্য শিবিৰত আশ্ৰয় লৈছিল । দুই দশকৰো অধিক সময় অপেক্ষাৰ অন্তত শৰণাৰ্থীসকলে ত্ৰিপুৰা চৰকাৰৰ ত্ৰিপুৰাৰ নাগৰিক হিচাপে গ্ৰহণ কৰাৰ সন্মতিৰ সৈতে ঐতিহাসিক চতুৰ্ভুজ চুক্তি অনুসৰি তেওঁলোকৰ সমস্যা সমাধান কৰে।

লগতে পঢ়ক:ত্ৰিপুৰাত বিজেপি আৰু টিপ্ৰা(TIPRA)ৰ কৰ্মীৰ তীব্ৰ সংঘৰ্ষ

ABOUT THE AUTHOR

...view details