নেশ্যনেল ডেস্ক,২৯ এপ্ৰিল: ক'ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ বাবে ১৭ এপ্ৰিলৰ পৰা ত্ৰিপুৰা সকলো শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে । একে সময়তে ক'ভিড-১৯ প্ৰট'কল মানি চলি ১৮ মে'ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু ১৯ মে'ৰ পৰা মাধ্যমিক অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদ ।
বুধবাৰে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদৰ সভাপতি ড৹ ভৱতোষ সাহাই জনোৱা মতে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বছৰ ত্ৰিপুৰাৰ ৪৬,৬১০ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব । ইফালে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হ'ব ২৭,২০৫ গৰাকী পৰীক্ষাৰ্থী । তেওঁ লগতে কয় যে, ত্ৰিপুৰাৰ সকলো জিলাতে প্ৰৱেশ পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । পৰৱৰ্তী তিনি দিনৰ ভিতৰত প্ৰৱেশ পত্ৰসমূহ সংশ্লিষ্ট বিদ্যালয়সমূহে লাভ কৰিব ।