আগৰতলা,২২ জুন:ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ত্বশাসিত জিলা পৰিষদৰ(Tripura Tribal Areas Autonomous District Council) নিৰ্বাচনৰ পিছৰে পৰা দেখা গৈছে ৰাজ্যখনত বিভিন্ন ধৰণৰ সংঘাত সৃষ্টি হৈছে । নিৰ্বাচনত জয়ী হোৱা টিপ্ৰা(TIPRA) আৰু আইএনপিটি(INPT) দলে ৰাজ্য চৰকাৰক বিভিন্ন ধৰণৰ অভিযোগ দিয়া আৰম্ভ কৰিছে । বিজেপি দলেও টিটিএএডিচিত জয়ী দলক জনজাতীয় অঞ্চল সন্দৰ্ভত বিভিন্ন অভিযোগ কৰিছে । এনে ৰাজনৈতিক সংঘাতৰ মাজতে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে বিজেপিৰ মুখপাত্ৰ সুব্ৰত চক্ৰৱৰ্তীয়ে ।
এই সংবাদ মেলৰ জৰিয়তে তেওঁৰ ঘোষণা টিটিএএডিচি(TTAADC) অঞ্চলত চৰকাৰৰ পৃষ্ঠপোষকতাত উন্নয়ন আৰু কল্যাণমূলক কাৰ্যসূচীত বাধা সৃষ্টি কৰা লোকসকলৰ বিৰুদ্ধে ত্ৰিপুৰা বিজেপিয়ে কঠোৰ ব্যৱস্থা লোৱাৰ বাবে জোৰ দিছে । তেওঁৰ মতে ৰাজ্যৰ সামগ্ৰিক বিকাশৰ পথত বাধাৰ চেষ্টা কৰা লোকসকলৰ বিৰুদ্ধে ৰাজ্য প্ৰশাসনে কঠোৰ পদক্ষেপ লোৱা উচিত । এক দায়িত্বশীল ৰাজনৈতিক দল হিচাপে বিজেপিৰ উদ্দেশ্য স্পষ্ট ।
তেওঁৰ মতে গণতান্ত্ৰিক সংস্কৃতিৰ ধাৰা সমগ্ৰ ৰাজ্যতে বৰ্তি থাকিব আৰু গণতন্ত্ৰৰ চেতনাৰ বিৰুদ্ধে থকা যিকোনো লোকক শাস্তিমূলক ব্যৱস্থাৰ অধীনলৈ অনা অতি প্ৰয়োজন । কিছুমান ৰাজনৈতিক শক্তিয়ে চৰকাৰী প্ৰকল্পসমূহক প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগৰ সৈতে টিটিএএডিচি অঞ্চলসমূহত অভূতপূৰ্ব অচলাৱস্থা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত চক্ৰৱৰ্তীয়ে কয় যে তেওঁলোক যিয়েই নহওঁক তেওঁলোকে উন্নয়নৰ পথত বাধা সৃষ্টি কৰাৰ পৰা বিৰত থাকিব লাগে । সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ আৰু প্ৰশাসনকো তেওঁ অনুৰোধ জনাই যাতে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হয় ।