অসম

assam

By

Published : Aug 14, 2021, 12:31 PM IST

ETV Bharat / bharat

বিপ্লৱ কুমাৰেই হ'ব ত্ৰিপুৰাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী !

বিজেপিয়ে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি চৰ্চা চলিছে । তাৰ মাজতে ত্ৰিপুৰা বিজেপিৰ সভাপতি ড৹ মানিক সাহাৰ দাবী, পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাবেও বিপ্লৱ কুমাৰ দেৱকে বাছনি কৰিব দলে । তেওঁৰ মতে বিজেপিৰ বাবে টিএমচি (Tmc) কোনো ফেক্টৰ নহয় ।

Tripura BJP
বিজেপি ৰাজ্যিক সভাপতি

আগৰতলা, ১৪ আগষ্ট :2023ৰ নিৰ্বাচনক লৈ ত্ৰিপুৰাত তৃণমূলে অভিযান প্ৰায় আৰম্ভ কৰাৰ মাজতে এইবাৰ ত্ৰিপুৰাত বিজেপি দলৰ মুখ্যমন্ত্ৰীৰ নতুন মুখক লৈ চৰ্চা অব্যাহত আছে । বিজেপিয়ে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰী পদৰ বাবে নতুন মুখৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি এক খবৰ ওলাইছে ।

ইয়াৰ মাজতে ত্ৰিপুৰা বিজেপিৰ সভাপতি ড৹ মানিক সাহাই (Dr Manik Saha) শুকুৰবাৰে কয় যে, এই আলোচনাবোৰ সম্পূৰ্ণ অনৰ্থক । তেওঁৰ অভিযোগ একাংশ লোকে ইচ্ছাকৃতভাৱে মুখ্যমন্ত্ৰী পদক লৈ এনে প্ৰচাৰ চলাইছে । লগতে তেওঁ দাবী কৰে যে, মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত কোনো সালসলনি কৰা নহ'ব । ন্যস্ত স্বাৰ্থৰ উদ্দেশ্যে একাংশ লোকে এনে উৰাবাতৰি প্ৰচাৰ কৰিছে বুলি তেওঁ অভিযোগ কৰাৰ লগতে সেই লোকসকলক সমালোচনা কৰে ।

দিল্লীৰ পৰা উভতি আহিয়ে ত্ৰিপুৰাৰ বিজেপি কাৰ্যালয়ত (Tripura Bjp office) সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ অৱশ্যে দিল্লীলৈ তেওঁ এই বিষয়ে আলোচনাৰ বাবে যোৱা নাছিল বুলি সদৰী কৰে ৷

প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন (Pradyot Kishor Debbarman) নেতৃত্বাধীন টিপ্ৰা মোথাৰ সৈতে মিত্ৰতাৰ সম্ভাৱনাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, বিজেপিৰ সাংগঠনিক বিষয়বোৰ আলোচনা কৰিবলৈহে তেওঁ দিল্লীলৈ গৈছিল । টিপ্ৰা মোথা এটা আঞ্চলিক দল আৰু ই কেন্দ্ৰীয় বিজেপিৰ বাবে আলোচনাৰ বিষয় হ'ব নোৱাৰে বুলিও দাবী কৰে নেতাগৰাকীয়ে ।

তৃণমূল কংগ্ৰেছ সন্দৰ্ভত তেওঁ কয় যে, তেওঁলোকে নিৰ্বাচনত জয়ী হ'বলৈ ত্ৰিপুৰালৈ অহা নাই । বুথ পৰ্যায়লৈকে শক্তিশালী স্থিতি থকা বিজেপিৰ কাৰণে তৃণমূল কংগ্ৰেছ (Trinamool Congress) কোনো ফেক্টৰ নহয় বুলিও ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰে । তৃণমূল কংগ্ৰেছক প্ৰথমে বুথ পৰ্যায়লৈকে তেওঁলোকৰ সংগঠনৰ ৰণনীতি তৈয়াৰ কৰাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনাই বিজেপি ৰাজ্যিক সভাপতিগৰাকীয়ে । লগতে তেওঁলোকে কিছু নিৰ্দেশনা বিচাৰিলে বিজেপিৰ দক্ষ জনশক্তিয়ে পথ প্ৰদৰ্শক হিচাপে যাব বুলিও এক প্ৰকাৰ তৃণমূলক উপহাস কৰি কয় সভাপতিগৰাকীয়ে ।

বিজেপিয়ে কাক প্ৰধান বিৰোধী হিচাপে ভাৱে সেই সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত সাহাই কয় যে বিধানসভাত চিপিআইএম তেওঁলোকৰ বিৰোধী হৈ আছে আৰু আগলৈও হ'ব । কিন্তু চিপিআইএম ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা প্ৰায় নাইকীয়া হ'বলৈ ধৰিছে । কেৱল কেৰালাতে তেওঁলোকৰ অলপ স্থিতি আছে । সেয়ে চিপিআইএম আৰু তৃণমূলৰ গোপন বুজা বুজি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও বিজেপিৰ সভাপতিগৰাকীয়ে ধাৰণা কৰে ।

লগতে পঢ়ক :2023ত ত্ৰিপুৰাত 2021ৰ পশ্চিমবংগ নিৰ্বাচনৰ পুনৰাবৃত্তি হ'ব: ব্ৰাত্য বাসু

ABOUT THE AUTHOR

...view details