অসম

assam

ETV Bharat / bharat

Vinod Sonkar Visits Tripura : ত্ৰিপুৰাৰ বিদ্ৰোহী বিজেপি বিধায়কক সকীয়নি বিনোদ কুমাৰ সোনকাৰৰ - মেয়ৰৰ নাম চূড়ান্ত কৰাৰ বাবে বৈঠক

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ জয়ৰ পাচতে ৰাজ্যখনত উপস্থিত হৈছে ত্ৰিপুৰা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোনকাৰ(BJP observer Vinod Sonkar visits Tripura) । মেয়ৰৰ নাম নিশ্চিত কৰাৰ বাবে বিনোদ সোনকাৰ ত্ৰিপুৰাত উপস্থিত হৈছে । আনহাতে, ত্ৰিপুৰাৰ বিদ্ৰোহী বিজেপি বিধায়কৰ বিৰুদ্ধে দলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ সকীয়নি দিয়ে ।

Tripura BJP observer Vinod Sonkar arrives in the state to finalize the mayor's name
ত্ৰিপুৰাত বিনোদ কুমাৰ সোনকাৰ

By

Published : Dec 6, 2021, 5:05 PM IST

নেশ্যনেল ডেস্ক, ৬ ডিচেম্বৰ: 'ত্ৰিপুৰাৰ বিদ্ৰোহী বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মনৰ বিৰুদ্ধে সময় মতে দলে ব্যৱস্থা গ্ৰহণ কৰিব' । দেওবাৰে সন্ধিয়া ত্ৰিপুৰাত উপস্থিত হৈ বিদ্ৰোহী বিজেপি বিধায়কক এই সকীয়নি দিয়ে ত্ৰিপুৰা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোনকাৰে(Vinod Sonkar warns Tripura's rebel MLA) । ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাচত এতিয়া মেয়ৰৰ নাম নিশ্চিত কৰাৰ বাবে বিনোদ সোনকাৰ ত্ৰিপুৰাত উপস্থিত হৈছে(BJP observer Vinod Sonkar's Tripura visit) । মেয়ৰৰ নাম চূড়ান্ত কৰাৰ বাবে এখন বৈঠক অনুষ্ঠিত হ'ব ।

সন্ধিয়া ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰত উপস্থিত হৈ সোনকাৰে ৰাজ্যখনৰ জনসাধাৰণ আৰু বিজেপিৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে, ৰাইজ আৰু বিজেপিৰ কৰ্মকৰ্তাৰ বাবে দলটোৱে এই বৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হৈছে । বিৰোধীক কটাক্ষ কৰি তেওঁ কয় যে, ৰাজ্যখনৰ নাম কলুষিত কৰিবলৈ একাংশ লোক একেলগ হৈ কু-অভিসন্ধি ৰচিছিল । কিন্তু ৰাজ্যখনৰ জনতাই এনে অসাধু লোকক উপযুক্ত প্ৰত্যুত্তৰ দিছে বুলি তেওঁ মন্তব্য কৰে ।

তেওঁ লগতে জনায় যে, মেয়ৰৰ নাম নিশ্চিত কৰাকে ধৰি সকলো অমীমাংসিত কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ ৰাজ্যখনত উপস্থিত হৈছে(Vinod Sonkar will finalize Agartala's mayor's name) । শপত গ্ৰহণ অনুষ্ঠান শীঘ্ৰেই অনুষ্ঠিত হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

তেওঁ কয় যে, ৰাজ্যিক বিজেপিয়ে এখন সভা অনুষ্ঠিত কৰিব আৰু দলৰ সকলো জ্যেষ্ঠ নেতাৰ সৈতে পৰামৰ্শ মৰ্মে এই সভাতে মেয়ৰ নাম চূড়ান্ত কৰা হ'ব । আনহাতে, বিদ্ৰোহী বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মন সন্দৰ্ভত বিনোদ সোনকাৰে কয় যে, বিজেপি হৈছে কাৰ্যকৰ্তাৰ দল আৰু দলটোৱে গণতান্ত্ৰিক পদ্ধতিৰে কাম কৰি আছে । উপযুক্ত সময়ত এনে বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ মন্তব্য কৰে । উল্লেখ্য যে, যোৱা ২৩ নৱেম্বৰত শাসনাধিষ্ঠিত বিজেপি দলৰ বিধায়ক সুদীপ ৰয় বৰ্মনে বিজেপিত যোগদান কৰা চিপিআইএম কৰ্মীসকলৰ বিৰুদ্ধে প্ৰাক-নিৰ্বাচনী হিংসাৰ অভিযোগ উত্থাপন কৰিছিল ।

লগতে অভিযোগ তুলিছিল যে ৰাজ্যখনৰ শিশুসুলভ নেতৃত্বই বিৰোধীসকলক চিনাক্ত কৰাত ব্যৰ্থ হৈছে । ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনত গেৰুৱা শিবিৰৰ আগৰতলা পৌৰ নিগমৰ ৫১ গৰাকী সদস্যই জয়লাভ কৰে । ২০ খন নগৰীয়া স্থানীয় সংস্থাৰ ভিতৰত শাসনাধিষ্ঠিত বিজেপিয়ে ৬ খনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হয় আৰু ১৪ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় ।

লগতে পঢ়ক:TSR Jawan kills : ২৪ ঘণ্টীয়া বন্ধৰ আহ্বান ত্ৰিপুৰা পিপলছ ফ্ৰণ্টৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details