নেশ্যনেল ডেস্ক, ১০ মাৰ্চ: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হোৱা উৎকণ্ঠাৰ অন্ত পেলাই শাসকীয় দল বিজেপি আৰু আই পি এফ টিয়ে চূড়ান্ত কৰিলে আসনৰ ভাগ-বটোৱাৰা । মিত্ৰদল বিজেপিয়ে ১৪খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে ২৮ জনীয়া জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত আই পি এফ টিয়ে ১৭ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব ।
মিত্ৰজোঁটৰ মুঠ প্ৰতিদ্বন্দীৰ সংখ্যা মুঠ আসনৰ সংখ্যাতকৈ অধিক । কিয়নো, তিনিখন নিৰ্দিষ্ট আসনৰ বাবে দুয়োটা দলে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাৰ আশাত নিজ নিজ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । বিজেপিৰ ৰাজ্যিক সভাপতি মানিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, আই পি এফ টিৰ প্ৰধান তথা ৰাজহ মন্ত্ৰী এন চি দেৱবাৰ্মা আৰু আই পি এফ টি নেতা মেভৰ কুমাৰ জামাতিয়াই আগৰতলা প্ৰেছ ক্লাবত এক যুটীয়া সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।
দলৰ নেতৃত্বই কয় যে, নিৰ্বাচনত বিজেপি দলে ১৪খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব । মিত্ৰ দল আই পি এফ টিৰ সৈতে হোৱা বুজাবুজি অনুসৰি ইয়াৰে ৩ খন আসনত প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত মিত্ৰতাৰ চুক্তি প্ৰযোজ্য হ'ব । মুঠ ১৪ জন প্ৰাৰ্থীৰ ভিতৰত, ১৩ জন প্ৰাৰ্থী পুৰুষ আৰু এগৰাকী প্ৰাৰ্থী মহিলা । প্ৰাৰ্থী তালিকাত প্ৰায় সকলো মুখ্য জনজাতিৰ প্ৰতিনিধিত্বয়ে স্থান লাভ কৰাতো আন এক লক্ষণীয় বিষয় ।