নিউজ ডেস্ক,২১ ফেব্ৰুৱাৰী:ত্ৰিপুৰাৰ ৰাজনীতিত বিভিন্ন ধৰণৰ জল্পনা কল্পনা চলা দেখিবলৈ পোৱা গৈছে । ত্ৰিপুৰা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা টিপ্ৰাৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰে আহ্বান কৰা মিত্ৰজোঁটত শাসকীয় দলৰ অন্যতম মিত্ৰ দল আইপিএফটিৰ সংযোজন হোৱাৰ চৰ্চা চলি আছে ৰাজ্যখনত । ইয়াৰ মাজতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সাক্ষাৎ কৰে ৰাজ্যপাল ৰমেশ বেইছক । সাক্ষাৎ কৰাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীৰ ঘোষণা বিজেপি আৰু আইপিএফটিৰ শাসকীয় মিত্ৰতা অক্ষুণ্ণ থাকিব । তেওঁ লগতে কয় যে বিজেপি আৰু আইপিএফটিৰ মাজত মিত্ৰতা নিৰ্বাচনৰ আগতে কৰা হৈছে আৰু এই মিত্ৰজোঁট বহু দূৰলৈ যাব লাগিব । বিজেপি আৰু আইপিএফটিৰ মাজত মিত্ৰতা এতিয়াও যথেষ্ট শক্তিশালী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
টিআইপিআৰএ আৰু আইপিএফটিয়ে শেহতীয়াকৈ তেওঁলোকৰ নতুন মিত্ৰতা সন্দৰ্ভত আয়োজন কৰা যুটীয়া সংবাদমেলৰ বিষয়ে সোধাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াত নতুন একো নাই । মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে প্ৰদ্যুৎ কিশোৰৰ দেৱবৰ্মনৰ সৈতে ভাল সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীজনে এই বিষয়ত একো ক'ব লগা নাই বুলি মন্তব্য কৰে ।
আনহাতে পশ্চিমবংগৰ আগন্তুক নিৰ্বাচনকলৈ আশাবাদী বিপ্লৱ কুমাৰ দেৱ । বিজেপিয়ে নিশ্চিতভাৱে পশ্চিম বংগত চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে । উল্লেখ যে ২৩ ফেব্ৰুৱাৰীত ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগলৈ যাব মুখ্যমন্ত্ৰীগৰাকীয়ে ।