আগৰতলা, 6 ডিচেম্বৰ :ত্ৰিপুৰা আৰু কেন্দ্ৰৰ বিজেপি নেতৃত্বই আগৰতলা পৌৰ নিগমৰ মেয়ৰ হিচাপে দীপক মজুমদাৰৰ নাম চূড়ান্ত কৰিছে ৷ ৰাজ্যিক বিজেপিৰ এক সূত্ৰই জনাইছে যে, ত্ৰিপুৰা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক বিনোদ সোনকাৰ, মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ নেতৃত্বত আগৰতলাত দেওবাৰে প্ৰদেশ বিজেপিৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হৈছিল ৷ এই বৈঠকত আগৰতলা পৌৰ নিগমত জয়ী হোৱা বিজেপিৰ আন প্ৰাৰ্থীসকলৰ ভিতৰত দীপক মজুমদাৰৰ নাম মেয়ৰৰ বাবে সৰ্বাধিক আলোচিত হয়(Deepak Majumder as Mayor of the AMC)।
তেওঁৰ সৈতে, অধ্যাপক আলোক ভট্টাচাৰ্যৰ নামো আলোচিত হয় । '' যেতিয়া আমি আমাৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক নামটো প্ৰস্তাৱ কৰিছিলো তেতিয়া তেওঁ মেয়ৰ পদৰ বাবে দীপক মজুমদাৰৰ নাম নিশ্চিত কৰিছিল (National BJP president JP Nadda has confirmed AMC mayor)", এজন জ্যেষ্ঠ বিজেপি নেতাই এইদৰে কয় ।