আগৰতলা, ১৯ জানুৱাৰী :সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে । যাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে । ইফালে বাকী ৰাজ্যসমূহৰ দৰে ত্ৰিপুৰা চৰকাৰেও প্ৰতিষেধক প্ৰদানৰ বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
বুধবাৰৰ পৰা ৰাজ্যখনত তিনিদিনীয়াকৈ বিশেষ ক'ভিড টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে । ১৫-১৮ বছৰ ঊৰ্ধৰ কিশোৰ-কিশোৰীসকলক ক'ভিড প্ৰতিষেধক প্ৰদান কৰাৰ উদ্দেশ্যে এই বিশেষ টীকাকৰণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে (Special Covid vaccination campaign in Tripura) ।
স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াৰ মতে, এই তিনিদিনীয়া কাৰ্যসূচীত ৰাজ্যখনৰ আঠখন জিলাৰ মুঠ ৭৩৪ খন বিদ্যালয়ত ক'ভিড টীকাকৰণ অভিযান চলিব । বিষয়াগৰাকীয়ে লগতে কয় যে, এই কাৰ্যসূচী সফল কৰাৰ লগতে নাগৰিকসকলক উদগনি দিয়াৰ উদ্দেশ্যে ৰাজ্যখনৰ মন্ত্ৰীসকলেও এই অভিযানত অংশগ্ৰহণ কৰিব ।
আনহাতে, বৰ্তমানলৈ সমগ্ৰ ৰাজ্যৰ ১৮ বছৰতকৈ ঊৰ্ধৰ নাগৰিকসকলক মুঠ ৪৮ লাখ ৬৪ হাজাৰ ১৫৫ পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । বৰ্তমান ৰাজ্যখনত ক'ভিড প্ৰতিষেধকৰ ৭ লাখ ৮৫ হাজাৰ ১৭০ টা পালি চৰকাৰৰ হাতত মজুত আছে ।
লগতে পঢ়ক :New Covid SOP in Tripura : ক'ভিড পৰিস্থিতিৰ বাবে বন্ধ থাকিব ত্ৰিপুৰাৰ শ্ব’পিং মল, চিনেমা হল,পাৰ্ক