নেশ্যনেল ডেস্ক, ২৪ আগষ্ট: বিদ্যুৎ ৰপ্তানি অব্যাহত ৰখাৰ বাবে বাংলাদেশ চৰকাৰৰ সৈতে বিদ্যুৎ ৰপ্তানি চুক্তি(power export agreement)ৰ নৱীকৰণ কৰিলে ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমে (Tripura State Electricity Corporation) । ২০১৬ চনত এই চুক্তিখন স্বাক্ষৰিত হৈছিল । ২০২১ চনৰ মাৰ্চ মাহতে এই চুক্তিৰ ম্যাদ উকলি গৈছিল । কিন্তু আৰম্ভণিতে বাংলাদেশ চৰকাৰে এই চুক্তি নৱীকৰণ কৰিবলৈ অসন্মতি প্ৰকাশ কৰিছিল ।
এমাহ ধৰি এই বিষয়ত কেইবাবাৰো আলোচনা কৰাৰ পাছত অৱশেষত দুয়ো পক্ষৰ সৰ্বসন্মতিক্ৰমে সংশোধিত হাৰৰ সৈতে আগন্তুক পাঁচ বছৰৰ বাবে বিদ্যুৎ ৰপ্তানি চুক্তি নৱীকৰণ কৰা হয় । এই সন্দৰ্ভত ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বাৰ্মা(Deputy Chief Minister Jishnu Dev Varma)ই কয় যে, ত্ৰিপুৰা চৰকাৰে বিদ্যুৎ ৰপ্তানি অব্যাহত ৰাখিছে । ত্ৰিপুৰা ৰাজ্যিক বিদ্যুৎ নিগমৰ পৰিচালন সঞ্চালক এম এছ কেলে(MS Kele) আৰু শক্তি বিভাগৰ প্ৰধান সচিব কিৰণ গিট্টেৰ উপস্থিতিত বাংলাদেশৰ পক্ষৰ সৈতে আলোচনা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ।
আনহাতে, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে বিভিন্ন সময়ত এই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জনাইছিল । বিদ্যুৎ ৰপ্তানি অব্যাহত ৰখাতো নিশ্চিত কৰিবলৈ তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক আহ্বান জনাইছিল ।