আগৰতলা, ১৩ ডিচেম্বৰ :পাহাৰীয়া আৰু উত্তৰ-পূবৰ ৰাজ্য সমূহৰ মাজত ত্ৰিপুৰাই মীন পালনৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰি প্ৰথম পুৰস্কাৰ লাভ কৰিছে(Fisheries sector of Tripura) । হায়দৰাবাদৰ ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদে(National Fisheries Development Board of Hyderabad) এই বঁটা প্ৰদান কৰে ৰাজ্যখনক ৷ সোমবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ত্ৰিপুৰাৰ মীন মন্ত্ৰী মেভাৰ কুমাৰ জামাতিয়াই কয় যে, এই বছৰ ত্ৰিপুৰাই মীন উন্নয়নৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ বঁটা লাভ কৰিছে ৷
মন্ত্ৰীজনে কয়, "১১ খন পাহাৰীয়া ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাই প্ৰথম পুৰস্কাৰৰ লগতে ১০ লাখ টকাৰ প্ৰাইজ মানি লাভ কৰিছে । ২১ নৱেম্বৰত বিশ্ব মীন পালন দিৱস (World Fisheries Day)ত এই বঁটা লাভ কৰিছিল ৰাজ্যখনে ৷" তেওঁ প্ৰকাশ কৰে যে, ৰাজ্য সমূহৰ ভিতৰত ত্ৰিপুৰাৰ লোকসকলে আন্দামান নিকোবৰৰ পিছতে সৰ্বাধিক মাছ খায় ।