আগৰতলা,১৭ মাৰ্চ :আজিৰে পৰা আৰম্ভ হৈছে ত্ৰিপুৰা বিধানসভাৰ বাজেট অধিৱেশন (Budget session of Tripura assembly)। ইয়াৰ ঠিক এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে বাজেট অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লয় (Tripura assembly speaker examined budget session preparations)। বাজেট অধিৱেশনৰ বিভিন্ন দায়িত্বত থকা কৰ্মচাৰীৰ সৈতে তেওঁ বাৰ্তালাপ কৰে ।
অধিৱেশনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ পাছতে অধ্যক্ষগৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰে । তেওঁ সংবাদ মাধ্যমক জনোৱা মতে এইবাৰ চাৰিগৰাকী বিধায়ক অধিৱেশনত উপস্থিত নাথাকে । তেওঁলোকৰ ভিতৰত বিজেপিৰ এগৰাকী বিধায়ক আছে যাক বৰ্খাস্ত কৰা হৈছিল ৷ লগতে বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই পদত্যাগ কৰিছিল আৰু চিপিআই(এম)ৰ বিধায়ক ৰমেন্দ্ৰ চন্দ্ৰ দেবনাথৰ মৃত্যু হৈছে ।