নেশ্যনেল ডেস্ক,২৫ মাৰ্চ:অধিৱেশন চলি থকাৰ মাজতে হঠাৎ উত্তপ্ত হৈ পৰে ত্ৰিপুৰা বিধানসভাৰ মজিয়া । ত্ৰিপুৰাৰ বনমন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াৰ বিৰুদ্ধে ভূমি কেলেংকাৰীৰ অভিযোগ তুলি সদনৰ মজিয়াত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী বিধায়কসকলে । সংবাদমাধ্যমত বনমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ভূমি কেলেংকাৰী সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু সেই বাতৰিৰ আধাৰত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী কৰে বিৰোধী বিধায়কসকলে ।
বিৰোধীৰ উপদলপতি বিধায়ক বাদল চৌধুৰীয়ে আন বিধায়কসকলৰ সৈতে সদনৰ মজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আনকি ৱাচ আৰু ৱাৰ্ডৰ নিৰাপত্তাৰক্ষীসকলে তেওঁলোকক বাধা দিবলৈ বাধ্য হয় । তীব্ৰ বাক-বিতণ্ডাৰ অন্তত বিৰোধী বিধায়কসকলে সদন ত্যাগ কৰে । অৱশেষত উপাধ্যক্ষ বিশ্ব বন্ধু সেনে কিছু সময়ৰ বাবে সদন স্থগিত ৰাখে ।
ইয়াৰ পিছতে বিৰোধীৰ উপদলপতি বাদল চৌধুৰীয়ে এক সংবাদমেলৰ সম্বোধন কৰে । মন্ত্ৰী মেৱাৰ কুমাৰ জামাতিয়াই অবৈধভাৱে টিটিএএডিচি অঞ্চলত ভূমি আৱণ্টনৰ বাবে আবেদন কৰাৰ অভিযোগ তোলে বাদল চৌধুৰীয়ে । বিধায়কগৰাকীৰ মতে মন্ত্ৰীগৰাকীৰ নেতৃত্বত এডিচি অঞ্চলত এগৰাকী টিচিএছ বিষয়া নিযুক্তি দিয়া হৈছিল আৰু তেওঁৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে ভূমি আৱণ্টনৰ বাবে আবেদন কৰাৰ অভিযোগ তোলে বাদল চৌধুৰীয়ে ।