অসম

assam

ETV Bharat / bharat

Electric vehicle policy: ত্ৰিপুৰাত পৰৱৰ্তী পাঁচ বছৰৰ বাবে বৈদ্যুতিক বাহনৰ নীতি গ্ৰহণ - বৈদ্যুতিক বাহন নীতি

ত্ৰিপুৰাৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় পৰৱৰ্তী পাঁচ বছৰৰ বাবে বৈদ্যুতিক বাহনৰ নীতি ৷ দেশৰ ১৪ খন ৰাজ্যত ৰূপায়ণ কৰা হৈছে এই নীতি । ইতিমধ্যে মেঘালয় আৰু অসমেও গ্ৰহণ কৰিছে বৈদ্যুতিক বাহনৰ এই নীতি(Electric vehicle policy) ৷

tripura-adopts-electric-vehicle-policy-for-next-five-years
ত্ৰিপুৰাত পাঁচ বছৰৰ বাবে বৈদ্যুতিক বাহনৰ নীতি গ্ৰহণ

By

Published : May 25, 2022, 2:07 PM IST

আগৰতলা, ২৫ মে’: ত্ৰিপুৰা চৰকাৰে কেবিনেটত পৰিবহণ বিভাগৰ অধীনত পৰৱৰ্তী পাঁচ বছৰৰ বাবে বৈদ্যুতিক বাহন নীতি গ্ৰহণৰ অনুমোদন জনাইছে(Tripura cabinet approved Electric Vehicle policy) । ত্ৰিপুৰা চৰকাৰৰ এক সূত্ৰই মঙলবাৰে ইটিভি ভাৰতৰ আগত সদৰি কৰে এই তথ্য ৷ সূত্ৰটোৱে সদৰি কৰা অনুসৰি, ত্ৰিপুৰা চৰকাৰে কেবিনেট বৈঠকত আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ।

এই সিদ্ধান্তসমূহৰ ভিতৰত অন্যতম হৈছে, কেবিনেটে পৰৱৰ্তী পাঁচ বছৰৰ বাবে বৈদ্যুতিক বাহন নীতি গ্ৰহণ ৷ সূত্ৰটোৱে সদৰি কৰা অনুসৰি, এতিয়ালৈকে ত্ৰিপুৰাৰ বাহিৰে দেশৰ ১৪ খন ৰাজ্যত এই নীতি ৰূপায়ণ কৰা হৈছে । এই নীতি মেঘালয় আৰু অসমেও গ্ৰহণ কৰিছে । এই নীতি প্ৰৱৰ্তন কৰাৰ মুখ্য উদ্দেশ্য হৈছে ৰাজ্যখনত প্ৰদূষণমুক্ত কৰি ৰখা ৷

সূত্ৰটোৱে লগতে কয় যে, ৰাজ্যখনত মুঠ ৬০,০০০ সৰু আৰু ডাঙৰ বাহন আছে । আঁচনি অনুসৰি, অহা পাঁচ বছৰত কমেও 10 শতাংশ বাহনক বৈদ্যুতিক বাহনলৈ ৰূপান্তৰ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব । সূত্ৰটোৱে লগতে জনাইছে যে, কেবিনেটে পৰিবহণ বিভাগৰ অধীনত ৬ জন যান-বাহন পৰিদৰ্শক নিয়োগ কৰিবলৈও সন্মতি প্ৰদান কৰিছে । ত্ৰিপুৰা লোকসেৱা আয়োগৰ জৰিয়তে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ।

লগতে পঢ়ক :Kedarnath Yatra: 18 ঘণ্টাৰ অন্তত পুনৰ আৰম্ভ কেদাৰনাথ যাত্ৰা

ABOUT THE AUTHOR

...view details