নেশ্যনেল ডেস্ক,১৯ মাৰ্চ:ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক নেতাসকলৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে সমান্তৰালকৈ ৰাজ্যখনৰ কিছুমান প্ৰান্তত ভিন্ন দলৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষ হোৱাৰ লগতে হিংসাত্মক ঘটনাও সংঘটিত হৈছে ।
ৰাজ্যখনৰ খুমুলৱং,ললিত বজাৰ,মাণ্ডাৱাই আদিৰ লগতে পৰিষদীয় অঞ্চল সমূহৰ ভিন্ন প্ৰান্তত টিপ্ৰা মোথা আৰু আইপিএফটিৰ কৰ্মীসকলৰ মাজত সংঘৰ্ষ হোৱাৰ পিছত এইবাৰ তেলীয়ামুৰাৰ পৰা আহিছে সংঘৰ্ষৰ আন এক খবৰ । বিশেষ সূত্ৰৰ মতে খাৱাই জিলাৰ অন্তৰ্গত ডাস্কি অঞ্চলত বিজেপি আৰু আইপিএফটিৰ এক যৌথ বৈঠক চলি থকাৰ মাজতে টিপ্ৰা মোথা কৰ্মীসকলে আক্ৰমণ কৰে ।
সূত্ৰৰ মতে, মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত মোহন দেৱবৰ্মাৰ বাসগৃহত বিজেপি আৰু আইপিএফটিৰ এক যুটীয়া বৈঠক চলি আছিল । হঠাৎ একাংশ দুৰ্বৃত্তই সভাখনত আক্ৰমণ কৰে । বিজেপিয়ে অভিযোগ কৰা মতে দুৰ্বৃত্ত কেইজনে সভাখনক লক্ষ্য কৰি শিল, কাঁচৰ বটল আৰু ইটা আদি নিক্ষেপ কৰিছিল আৰু এই ঘটনাত কেইবাজনো কৰ্মী আহত হয় ।