অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ১০,৩২৩ শিক্ষকক প্ৰতিবাদৰ অনুমতি দিছে..! - ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ১০,৩২৩ শিক্ষকক প্ৰতিবাদৰ অনুমতি দিছে..!

ত্ৰিপুৰাত বঞ্চিত শিক্ষকৰ প্ৰতিবাদকলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । শিক্ষকসকলৰ মতে উচ্চ ন্যায়ালয়ে তেওঁলোকক প্ৰতিবাদৰ বাবে অনুমতি দিছে । কিন্তু ৰাজ্য চৰকাৰে ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰি শিক্ষকৰ প্ৰতিবাদ বন্ধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ শিক্ষকসকলৰ ।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ১০,৩২৩ শিক্ষকক প্ৰতিবাদৰ অনুমতি দিছে..!
ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে ১০,৩২৩ শিক্ষকক প্ৰতিবাদৰ অনুমতি দিছে..!

By

Published : Mar 26, 2021, 8:24 PM IST

নেশ্যনেল ডেস্ক,২৬ মাৰ্চ:ত্ৰিপুৰাত শিক্ষকৰ প্ৰতিবাদ অব্যাহত আছে । এই বিষয়কলৈ বিধানসভাৰ মজিয়াতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শেহতীয়াকৈ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে সদনত শিক্ষকসকলক সমালোচনা কৰাৰ পিছতে জাঙুৰ খাই উঠিছে বঞ্চিত শিক্ষকসকল । তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ বাবে উচ্চ ন্যায়ালয়ত শিক্ষকসকলে কৰা আবেদনক সঁহাৰি দিছে ন্যায়ালয়ে কিন্তু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত নহয় বুলি অভিযোগ কৰে শিক্ষকসকলে ।

এগৰাকী বঞ্চিত শিক্ষকৰ মতে উচ্চ ন্যায়ালয়ে তেওঁলোকৰ পক্ষত ৰায় প্ৰদান কৰিছে আৰু ন্যায়াধীশ সুভাষ তালাপাত্ৰৰ নেতৃত্বত এক বিচাৰপীঠে লগতে কৈছিল যে পৰৱৰ্তী ৪৮ ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে শিক্ষকৰ প্ৰতিবাদৰ বাবে অনুমতি দিব লাগিব । আন্দোলনৰ স্থান কিছু পৃথক হ'ব পাৰে কিন্তু গণতান্ত্ৰিক প্ৰতিবাদৰ ক্ষেত্ৰত আৰক্ষীয়ে পক্ষপাতমূলক স্থিতি ল'ব নোৱাৰিব ।

শিক্ষকগৰাকীয়ে লগতে কয় যে তেওঁলোকে শীঘ্ৰেই তেওঁলোকৰ আন্দোলন পুনৰ আৰম্ভ কৰিব যিটো পূৰ্বে শিক্ষক আৰু আৰক্ষীৰ মাজত বহুতো হিংসাত্মক সংঘৰ্ষৰ পিছত আৰক্ষীৰ দ্বাৰা বন্ধ কৰা হৈছিল । শিক্ষকসকলে অভিযোগ কৰে যে ৰাজনৈতিক নেতাৰ হস্তক্ষেপত আৰক্ষীয়ে শান্তিপূৰ্ণভাৱে আন্দোলন কৰা শিক্ষকসকলক উচ্ছেদ কৰিছিল আৰু আনকি বহুতো আহত হৈ তেওঁলোকৰ আন্দোলনৰ স্থান ত্যাগ কৰিবলৈ বাধ্য হৈছিল ।

বিজয় কৃষ্ণ সাহা নামৰ শিক্ষক গৰাকীয়ে লগতে দাবী কৰে যে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ আদেশক ভুল ব্যাখ্যা কৰি আছে। ত্ৰিপুৰা চৰকাৰে দাখিল কৰা শপতনামাত স্পষ্টভাৱে কোৱা হৈছিল যে চৰকাৰে চি আৰু গ্ৰুপ ডি পদত থকা শিক্ষকসকলক অৱশোষণ কৰাৰ পৰিকল্পনা কৰি আছে ।

আনহাতে আদালতে ৰাজ্য চৰকাৰৰ শপতনামাৰ ওপৰত আধাৰিত কৰি সিদ্ধান্ত দিছিল আৰু চৰকাৰে আমাক নিশ্চিতভাৱে চাকৰি দিছে কিন্তু এতিয়া চৰকাৰে ইয়াৰ দৃষ্টিভংগী সলনি কৰিছে আৰু এতিয়া নিবনুৱাৰ দৰে শিক্ষকসকলক ব্যৱহাৰ কৰিছে । সাহাই কয় যে শীঘ্ৰেই শিক্ষকসকলে পুনৰবাৰ স্পষ্টীকৰণৰ বাবে উচ্চতম ন্যায়ালয়লৈ যাব।

লগতে পঢ়ক:আকাশ-এনজি মিছাইলৰ সফল পৰীক্ষণ

For All Latest Updates

ABOUT THE AUTHOR

...view details