অসম

assam

By

Published : Aug 14, 2021, 9:47 AM IST

Updated : Aug 14, 2021, 10:12 AM IST

ETV Bharat / bharat

2023ত ত্ৰিপুৰাত 2021ৰ পশ্চিমবংগ নিৰ্বাচনৰ পুনৰাবৃত্তি হ'ব: ব্ৰাত্য বাসু

2023ত ত্ৰিপুৰাৰ শাসনৰ বাঘজৰী তৃণমূলৰ হাতলৈ আহিব বুলি নিশ্চিত ব্ৰাত্য বাসু ৷ 2023ৰ ত্ৰিপুৰা নিৰ্বাচনৰ লক্ষ্য বান্ধি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে তৃণমূল কংগ্ৰেছে ৷ ত্ৰিপুৰাত 10 হাজাৰ লোকৰ সৈতে এক সমদলৰ পৰিকল্পনা তৃণমূলৰ ৷ তৃণমূলৰ উত্থান দেখি বিজেপি শংকিত হৈছে বুলি মন্তব্য ব্ৰাত্য বাসুৰ ৷

trinamool to organize rally of ten thousand people in tripura
trinamool to organize rally of ten thousand people in tripura

আগৰতলা, 14 আগষ্ট :বিজেপিৰ শাসনত থকা ত্ৰিপুৰাত দলৰ স্থিতি সবল কৰিবলৈ উঠি পৰি লাগিছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ ৷ 2023 চনৰ নিৰ্বাচনৰ লক্ষৰে তৃণমূল কংগ্ৰেছে এতিয়াৰে পৰাই ৰাজ্যখনত তীব্ৰ অভিযান আৰম্ভ কৰিছে ৷ নিৰ্বাচনী অভিযানৰ অংশ হিচাপে তৃণমূল কংগ্ৰেছে এইবাৰ ত্ৰিপুৰাৰ 10 হাজাৰ লোকক লগত লৈ এক সমদল আয়োজনৰ লক্ষ্য লৈছে ৷

2023ত ত্ৰিপুৰাৰ শাসনৰ বাঘজৰী তৃণমূলৰ হাতলৈ আহিব বুলি নিশ্চিত ব্ৰাত্য বাসু

মমতা বেনাৰ্জীৰ ঘনিষ্ঠ বিশ্বাসী তথা পশ্চিমবংগৰ শিক্ষামন্ত্ৰী ব্ৰাত্য বাসুৱে এই কথা জানিবলৈ দিছে ৷ তেওঁ কয় যে, ত্ৰিপুৰাত 10 হাজাৰ লোকৰ সৈতে এক সমদলৰ কাৰ্যসূচীৰ বাবে তৃণমূল কংগ্ৰেছে(All India Trinamool Congress) পৰিকল্পনা হাতত লৈছে ৷ দলৰ নিয়মীয়া কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে মুঠ ছয়গৰাকী তৃণমূলৰ নেতা ত্ৰিপুৰাত উপস্থিত হয় ৷

এই নেতাসকলৰ উপস্থিতিত বাসুৱে কেইবাজনো নৱাগতক দললৈ আদৰণি জনাই কয় যে, এনেধৰণৰ পকেট জইনিঙ কাৰ্যসূচী(pocket joining programme) প্ৰতিদিনেই চলি আছে আৰু এই কাৰ্যসূচী অব্যাহত থাকিব ৷

লগতে পঢ়ক:ত্ৰিপুৰাই শাসন কৰিব ত্ৰিপুৰাক: অভিষেক বেনাৰ্জী

তৃণমূলৰ উত্থানক লৈ বিজেপিৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্ব সকলোৱে শংকিত হৈছে বুলি দাবী কৰি বাসুৱে লগতে কয় যে, "বিজেপিৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্ব তেওঁলোকৰ ভৱিষ্যতক লৈ শংকিত হৈছে ৷ আমাৰ পকেট জইনিঙ কাৰ্যসূচী অব্যাহত আছে আৰু ই চলি থাকিব ৷ আমি ত্ৰিপুৰাত 10 হাজাৰ লোকেৰে এটা সমদল কৰাৰ লক্ষ্য লৈছো ৷ এই সমদলে ত্ৰিপুৰাত বিজেপিৰ গণতন্ত্ৰ-বিৰোধী শাসনৰ মৃত্যুঘণ্টা বজাব ৷"

তেওঁ দাবী কৰে যে, ভয় আৰু হতাশাৰ বলি হৈ বিজেপি চৰকাৰে তৃণমূলৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ অপপ্ৰয়োগ কৰিছে, যিয়ে বিজেপিৰ দুখজনক ছবিখনহে প্ৰতিফলিত কৰিছে ৷ তেওঁ লগতে কয় যে, 2023 চনত ত্ৰিপুৰাত পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পুনৰাবৃত্তি হ'ব ৷ বিজেপিয়ে এই কথা ইতিমধ্যে অনুভৱ কৰিছে বুলি দাবী কৰি 2021ৰ ইতিহাস পুনৰাবৃত্তি কৰাৰ বাবে তৃণমূল সম্পূৰ্ণ সাজু বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক:তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলক সাক্ষাৎ কংগ্ৰেছ নেতা সুবল ভৌমিকৰ

Last Updated : Aug 14, 2021, 10:12 AM IST

ABOUT THE AUTHOR

...view details