অসম

assam

By

Published : Apr 19, 2021, 10:30 AM IST

ETV Bharat / bharat

ক’ৰণাৰ ভয়াৱহতা : ক্ষুদ্ৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব তৃণমূল কংগ্ৰেছে

কলকাতাত সৰু সৰু নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব তৃণমূল কংগ্ৰেছে ৷ লগতে বাকী তিনিটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত চমু ভাষণ প্ৰদান কৰিব মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ ক‘ৰণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰিছে দলটোৱে ৷

Trinamool Congress to hold small election meetings
তৃণমূল কংগ্ৰেছৰ সিদ্ধান্ত

নেশ্যনেল ডেস্ক,19 এপ্ৰিল : শেহতীয়াকৈ তীব্ৰ গতিত বৃদ্ধি পোৱা ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে এক সিদ্ধান্তত উপনীত হৈছে তৃণমূল কংগ্ৰেছ ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সদৰি কৰা মতে, তৃণমূল কংগ্ৰেছে কলকাতাত এতিয়াৰে পৰা সৰু সৰু নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব ৷ আনহাতে, ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলাসমূহত চমু ভাষণহে প্ৰদান কৰিব বুলি মন্তব্য কৰে মমতা বেনাৰ্জীয়ে ৷

এক টিভি চেনেলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কৰা প্ৰচাৰ অভিযানত তেওঁৰ ভাষণ 50 মিনিটৰ পৰা 1 ঘণ্টালৈ দিয়া ভাষণ এতিয়াৰে পৰা প্ৰায় 20 মিনিটলৈ হ্ৰাস কৰিব, যাতে সভাসমূহত ৰাইজে বেছি সময় থাকিব নালাগে ।

উল্লেখ্য যে, নিৰ্বাচনৰ মাজতে পশ্চিমবংগত বৃদ্ধি পোৱা ক’ৰণা সংক্ৰমণৰ ফলত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 6,59,927 গৰাকীলৈ ৷ স্বাস্থ্য বুলেটিনত উল্লেখিত অনুসৰি, দেওবাৰৰ দিনটোতে ৰাজ্যখনত 8,419 টা নতুন সংক্ৰমণ পঞ্জীয়ন কৰা হৈছে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত হঠাৎ বন্ধ হৈ পৰিল বাহনৰ চলাচল; যাত্ৰীৰ হাহাকাৰ

ABOUT THE AUTHOR

...view details