আগৰতলা,২২ ছেপ্টেম্বৰ: ত্ৰিপুৰাত শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধ তৃণমূল ছাত্ৰ পৰিষদে (Trinamool Chatra Parishad protest in front of the Shiksha Bhawan) বৃহস্পতিবাৰে শিক্ষা ভৱনৰ (শিক্ষা বিষয়া) সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ দায়িত্বত থকা ৰাজীৱ বেনাৰ্জী, প্ৰদেশ তৃণমূল কংগ্ৰেছৰ নেতা পুজন বিশ্বাস, ত্ৰিপুৰা প্ৰদেশ তৃণমূল ছাত্ৰ পৰিষদৰ নীল কমল সাহাকে ধৰি অন্যান্য নেতাসকল উপস্থিত থাকে ।
ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছৰ দায়িত্বত থকা (Tripura Pradesh Trinamool Congress in charge) ৰাজীৱ বেনাৰ্জীয়ে এই সন্দৰ্ভত কয়,"ৰাজ্যখনত শিক্ষা খণ্ডত চৰম অৰাজকতাই বিৰাজ কৰিছে । দীৰ্ঘদিন ধৰি শিক্ষক নিযুক্তি দিয়া হোৱা নাই । বাওঁ মৰ্চাৰ দ্বাৰা শিক্ষকৰ ভুল নিযুক্তি এতিয়াও এই চৰকাৰে অব্যাহত ৰাখিছে ।" তেওঁ পুনৰ কয় যে ৰাজ্যজুৰি বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলে তীব্ৰ সংকটৰ সন্মুখীন হৈছে । এনে ব্য়ৱস্থাৰ বিৰোধীতাৰে ত্ৰিপুৰা প্ৰদেশ তৃণমূল ছাত্ৰ পৰিষদে শিক্ষা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ।