নিউজ ডেস্ক, ১৩ নৱেম্বৰ :পশ্চিমবংগত দুৰ্বৃত্তৰ গুলীত নিহত এজন তৃণমূল কংগ্ৰেছ নেতা । সোমবাৰে পুৱা দক্ষিণ ২৪ পৰগণাৰ জয়নগৰ আৰক্ষী থানাৰ অন্তৰ্গত বামঙ্গাচী গাঁও পঞ্চায়তত সংঘটিত হয় এই ঘটনা । নামাজলৈ গৈ থকা অৱস্থাত নেতাজনক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে । নিহত তৃণমূল নেতাজনৰ নাম চৈফুদ্দিন লস্কৰ (৪৩) । তেওঁ বামঙ্গাচী গাঁও পঞ্চায়তৰ তৃণমূল সদস্য তথা দলটোৰ আঞ্চলিক সভাপতি ।
উল্লেখ্য যে চৈফুদ্দিনৰ পত্নী চেৰিফা বিবি বামঙ্গাচী গাঁও পঞ্চায়তৰ সভাপতি । আনহাতে, এই ঘটনাটোৰ ফলত অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হয় । ইয়াৰ ফলত ব্যাপক হিংসাত্মক ঘটনাও সংঘটিত হয় । তৃণমূল নেতাজন নিহত হোৱাৰ লগে লগে ক্ষোভত ফাটি পৰা লোকে গাঁওখনত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে । লগতে এজন অভিযুক্ত গণপ্ৰহাৰত নিহত হয় আৰু আনজনক গ্ৰেপ্তাৰ কৰা হৈছে ।
স্থানীয় সূত্ৰ অনুসৰি, চৈফুদ্দিনে বিগত কেইমাহমান ধৰি পুৱা নামাজলৈ যাবলৈ আৰম্ভ কৰিছিল । সোমবাৰে পুৱাও তেওঁ ওচৰৰ মছজিদলৈ নামাজ পঢ়িবলৈ ওলাই গৈছিল । সেই সময়তে তেওঁৰ ওপৰত দুৰ্বৃত্তই গুলীচালনা কৰা বুলি অভিযোগ উঠিছে । ইফালে গুলীচালনাৰ শব্দ শুনি অঞ্চলটোৰ লোকসকল ঘটনাস্থলীলৈ দৌৰি আহে । তেওঁলোকে আহি চৈফুদ্দিনক তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ।
তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে । আনহাতে, ঘটনাটোৰ খবৰ শুনাৰ লগে লগে বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ তৃণমূল বিধায়ক বিভাস চৰ্দাৰ ততাতৈয়াকৈ স্থানীয় পদমেৰহাট চিকিৎসালয়ত উপস্থিত হয় । তেওঁ কয়, "দুৰ্বৃত্তই তেওঁক হত্যা কৰিছে । চৈফুদ্দিন আমাৰ বামঙ্গাচীৰ আঞ্চলিক সভাপতি । তেওঁ পুৱা নামাজ পঢ়িবলৈ গৈ আছিল । মছজিদটো ঘৰৰ সন্মুখতে ।"