নিউজ ডেস্ক, ১৯ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বহু সময়ত অভিযোগ উত্থাপন হৈ আহিছে যে তেওঁ কথাৰ মানুহ, কামৰ নহয় । কথা আৰু কামৰ মাজত কোনো মিল নাই প্ৰধানমন্ত্ৰীৰ । মিছা প্ৰতিশ্ৰুতিৰ বন্যাৰে জনসাধাৰণৰ আঁভুৱা-ভাৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
প্ৰধানমন্ত্ৰীয়ে বহু কথা কয়, কিন্তু তেওঁ ব্যৱহাৰিকভাৱে কিমান প্ৰতিশ্ৰুতি পালন কৰে? বিৰোধী দলবোৰে দীৰ্ঘদিন ধৰি এনে প্ৰশ্ন উত্থাপন কৰি আহিছে (Opposition parties raising questions about PM promises) । সম্প্ৰতি তৃণমূল কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণৰ এক নতুন আহিলা ব্যৱহাৰ কৰিছে, সেয়া হৈছে 'জুমলা মিটাৰ' (Trinamool Congress targetting PM Modi by using jumla meter) ।
পশ্চিমবংগৰ শাসকীয় দলে প্ৰধানমন্ত্ৰীৰ মিছা প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিবলৈ এটা নিৰ্দিষ্ট ব্যৱস্থা আৰম্ভ কৰিছে (system to highlight false promises of Modi) । আৰু ইয়াৰ জৰিয়তে তৃণমূল কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে যুঁজক ছ'চিয়েল মিডিয়াত এক পৃথক স্তৰলৈ লৈ যাব বিচাৰিছে (Trinamool Congress fight against BJP) ।