নেশ্যনেল ডেস্ক, 15 আগষ্ট :আজি স্বাধীন ভাৰতে ভৰি দিলে 76 বছৰত ৷ দেশৰ 75 সংখ্যক বৰ্ষপূৰ্তিৰ (76th Independence Day of India) সাক্ষী সমগ্ৰ দেশৰ জনতা ৷ দেশৰ 75 সংখ্যক স্বাধীনতাৰ বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰিছে হৰ ঘৰ ত্ৰিৰংগা (Har Ghar Tiranga) কাৰ্যসূচী ৷
হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী তথা অভিযানৰ লগত সংগতি ৰাখি দেশৰ প্ৰত্যেকে নিজ নিজ বাসগৃহ, কাৰ্যালয় আদিত উৰুৱাইছে ৰাষ্ট্ৰীয় পতাকা ৷ ইয়াৰ মাজত কৰ্ণাটকৰ বেংগালুৰুত এক ব্যতিক্ৰমী উপায়েৰে হৰ ঘৰ ত্ৰিৰংগা অভিযান প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ ৱাইকুল ফুডছৰ এটা খাদ্য আৰু কৃষি-প্ৰযুক্তি মঞ্চই এক বিশাল ভাৰতীয় পতাকা তৈয়াৰ কৰি এক অনন্য উপায়েৰে দেশৰ 76 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে ৷