নিউজ ডেস্ক, 10 অক্টোবৰ: সমাজবাদী পাৰ্টিৰ পিতৃপুৰুষ প্ৰয়াত মুলায়ম সিং যাদৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে(President Draupadi Murmu) ৷ ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰয়াত মুলায়ম সিং যাদৱক "ধৰ্তি পুত্ৰ" (মাটিৰ পুত্ৰ) বুলি উল্লেখ কৰি তেওঁৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে(Mulayam Singh Passed Away) ।
তেওঁ লগতে কয় যে, দলীয় নেতাসকলে মুলায়ম সিং যাদৱক সন্মান কৰিছিল । সাধাৰণ পৰিৱেশৰ পৰা অহা মুলায়ম সিং যাদৱৰ কৃতিত্ব আছিল অসাধাৰণ । ‘ধৰ্তি পুত্ৰ’ মুলায়মজী আছিল ভূমিৰ সৈতে জড়িত এজন প্ৰবীণ নেতা । সকলো দলৰ লোকে তেওঁক সন্মান কৰিছিল ।
তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, তৃণমূল পৰ্যায়ৰ গণনেতা হিচাপে মুলায়ম সিং সদায় স্মৰণীয় হৈ থাকিব । "মুলায়াম সিং যাদৱজীয়ে নিজৰ অনন্য ৰাজনৈতিক দক্ষতাৰে দশক দশক ধৰি ৰাজনীতিত সক্ৰিয় হৈ থাকিল । জৰুৰীকালীন সময়ত তেওঁ গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে মাত মাতিছিল । তেওঁ তৃণমূল পৰ্যায়ৰ গণনেতা হিচাপে সদায় স্মৰণীয় হৈ থাকিব । তেওঁৰ মৃত্যুত ভাৰতীয় ৰাজনীতিত এটা যুগৰ অৱসান ঘটাইছে বুলি" টুইটত মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে ৷
মুলায়ম সিং যাদৱৰ সৈতে থকা পাৰস্পৰিক সম্পৰ্কৰ কথা স্মৰণ কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) টুইটত কয় যে, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ মাজতো সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক নেতাগৰাকীৰ সদায় আন দলৰ নেতাৰ সৈতে আন্তৰিক সম্পৰ্ক আছিল । ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা যিয়েই নহওক কিয়, মুলায়ম সিঙৰ সম্পৰ্ক আছিল সৰ্বোত্তম । যেতিয়াই তেওঁক লগ পাইছিল, তেতিয়াই তেওঁ বহুত বিষয়ৰ ওপৰত অতি মুকলি মনেৰে কথা পাতিছিল । বহু সময়ত তেওঁৰ সৈতে হোৱা মত বিনিময়বোৰ মোৰ স্মৃতিত সদায় সতেজ হৈ থাকিব ।
তেওঁ আন এটা টুইটত কয় যে "মুলায়ম সিং যাদৱজী তৃণমূল পৰ্যায়ৰ নেতা আছিল যিয়ে বহু দশক ধৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিত এক বিশিষ্ট ভূমিকা পালন কৰিছিল । তেওঁৰ দীৰ্ঘ ৰাজহুৱা জীৱনত বহু পদবীত কাম কৰি দেশ, সমাজ আৰু ৰাজ্যৰ উন্নয়নত অৰিহণা যোগাই আহিছিল ।" তেওঁৰ মৃত্যু অতি বেদনাদায়ক বুলি টুইটটোত উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে নেছনেল কনফাৰেন্সৰ নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই মুলায়ম সিং যাদৱক এজন জননেতা বুলি উল্লেখ কৰে ৷ মুলায়ম সিং যাদৱে তেওঁ গোটেই জীৱন দৰিদ্ৰ লোকৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল বুলি টুইটত সদৰী কৰে নেতাগৰাকীয়ে । তেওঁ লগতে কয় যে, সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে সকলো ধৰ্মক সন্মান কৰিছিল আৰু সকলো ধৰ্মৰ বাবে যুঁজিছিল । ভাৰতত এনে কোনো ব্যক্তি নাই যিয়ে আজিৰ দিনটোত শোক প্ৰকাশ নকৰিব ।