নেশ্যনেল ডেস্ক, ২৮ মাৰ্চ :দুদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে পশ্চিমবংগত উপস্থিত হৈছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Murmu West Bengal visit)। ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ এই সময়চোৱাত পশ্চিমবংগৰ জনজাতীয় সংগঠনৰ ৬ গৰাকী নেতাক গৃহবন্দী কৰি ৰখা হৈছে । ৰাষ্ট্ৰপতিগৰাকী শান্তি নিকেতন ভ্ৰমণৰ সময়তে নেতাকেইগৰাকীক গৃহবন্দী কৰি ৰাখিছে আৰক্ষীয়ে (Tribal leaders not allowed to meet President)। কাৰণ তেওঁলোকে বিতৰ্কিত দেউচা-পাচামী বিষয়কে ধৰি কেইবাটাও দাবী সম্পৰ্কে আলোচনা কৰিবলৈ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ প্ৰস্তুতি চলাইছিল ।
ইয়াৰ উপৰিও, জনজাতীয় সংগঠনৰ নেতাসকলে ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে সান্তাল জনজাতিৰ লোকসকলৰ শিক্ষা আৰু স্বাস্থ্য সুৰক্ষাৰ বিষয়ে আলোচনা কৰাৰ পৰিকল্পনা কৰিছিল । তেওঁলোকে বিশ্ব ভাৰতীৰ কাৰ্যকৰী সচিব অশোক মহতক বৈঠকৰ অনুমতিৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল কিন্তু বিশ্ববিদ্যালয়খনে শেষ মুহূৰ্তত তেওঁলোকৰ অনুৰোধ অস্বীকাৰ কৰিছিল ।
মঙলবাৰে পুৱা ৬ বজাত ৰাম সোৰেণ, সোনা মুৰ্মু, ড৹ বিনয় কুমাৰ সোৰেণ, মিণ্টি হেমব্ৰাম, ৰাথিন কিস্কু আৰু শিবু সোৰেণকে ধৰি জনজাতীয় নেতাসকলক পশ্চিমবংগ আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখে (Tribal leader under house arrest in West Bengal)। তেওঁলোকৰ বাসগৃহত আৰক্ষী নিয়োগ কৰা হয় আৰু তেওঁলোকক অৱগত কৰা হয় যে ৰাষ্ট্ৰপতি শান্তি নিকেতনত থকালৈকে তেওঁলোকে তেওঁলোকৰ ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰিব ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰে দেউচা-পাচামীত কয়লা খননৰ বাবে ভূমি অধিগ্ৰহণ কৰিছে (Deucha Pachami issue)। আনহাতে স্থানীয় খিলঞ্জীয়া লোকসকলে খনন কাৰ্য আৰম্ভ হোৱাৰ পৰাই প্ৰতিবাদ অব্যাহত ৰাখিছে । জানিব পৰা মতে বোলপুৰ-শান্তি নিকেতন অঞ্চলত বহুতো জনজাতীয় লোকৰ ভূমি বেদখল কৰা হৈছে । য'ত ৰিজৰ্ট, হোটেল, হাউচিং, কটেজ আৰু উচ্চ অট্টালিকা নিৰ্মাণ কৰা হৈছে । ৰাষ্ট্ৰপতি মুৰ্মুৱে মঙলবাৰে বিশ্ব ভাৰতীৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে ।