ETV Bharat Assam

অসম

assam

ETV Bharat / bharat

Earthquake jolts North India: হিন্দুকোষত উৎপত্তি হোৱা ভূমিকম্পত কঁপিল দিল্লীসহ উত্তৰ ভাৰত - ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ

ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কিছু অংশত শনিবাৰৰ নিশা অনুভূত হয় ভূমিকম্প ৷ এই ভূমিকম্পৰ উৎপত্তিস্থল আফগানিস্তানৰ হিন্দুকোষ পৰ্বত । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটযোগে জনায় এই কথা ৷

Earthquake jolts delhi
ৰাজধানী দিল্লীত ভূমিকম্পৰ জোকাৰণি
author img

By

Published : Aug 6, 2023, 8:04 AM IST

নেশ্যনেল ডেস্ক, 6 আগষ্ট : শনিবাৰে নিশা দিল্লীৰ লগতে আন কেইবা ঠাইতো মৃদু ভূমিকম্প অনুভূত হয় । আফগানিস্তানৰ হিন্দুকোষ পৰ্বতত 5.8 প্ৰাৱল্যৰ ভূমিকম্পৰ উৎপত্তি হোৱাৰ পিচতে দেশৰ ৰাজধানীকে ধৰি উত্তৰ ভাৰতৰ কিছু অংশত অনুভূত হয় এই কম্পন । নিশা 9.31 বজাত আফগানিস্তানৰ পাৰ্বত্য অঞ্চলত ভূমিকম্প অনুভূত হয় আৰু তাৰ পাছতেই ভাৰতৰ ৰাজধানীটো অনুভূত হয় এই কম্পন ।

ৰাজধানীখনৰ পূৱ প্ৰান্তত থকা নয়দাৰ এটা ওখ এপাৰ্টমেণ্টত বাস কৰা প্ৰীতি শংকৰে কয়, ‘‘নিশা প্ৰায় 9:30 বজাত দুবাৰকৈ ভূমিকম্পটো অনুভূত হয় ।’’ আফগানিস্তানৰ হিন্দুকোষ অঞ্চলত অক্ষাংশৰ 36.38 ডিগ্ৰী উত্তৰ আৰু দ্ৰাঘিমাংশৰ 70.77 ডিগ্ৰী পূবত ভূমিকম্পটোৰ অভিকেন্দ্ৰ বুলি ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটযোগে কয়, "দিল্লীতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে । আশা কৰোঁ সকলোৱে সুৰক্ষিত অৱস্থাত আছে ।" পিটিআইৰ এক প্ৰতিবেদন অনুসৰি দিল্লী আৰক্ষীয়ে টুইটযোগে কয় , "হে দিল্লীবাসী, আমি আশা কৰোঁ আপোনালোক সকলো সুৰক্ষিত ! যিকোনো জৰুৰীকালীন সহায়ৰ বাবে 112 নম্বৰত ডায়েল কৰক ।"

উল্লেখ্য যে, বিগত জুলাই মাহৰ 21 তাৰিখ অৰ্থাৎ শুকুৰবাৰে পুৱাৰ ভাগত ৰাজস্থানৰ ৰাজধানী জয়পুৰত ধাৰাবাহিকভাৱে কমেও তিনিটা মৃদু ভূমিকম্পৰ কম্পন অনুভূত হৈছিল । অৱশ্যে এই কম্পনৰ ফলত কোনো লোক অথবা কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ তথ্য বৰ্তমান পৰ্যন্ত পোহৰলৈ অহা নাই । আধা ঘণ্টাৰ ভিতৰতে চহৰখনত অনুভূত হৈছিল তিনিওটা কম্পন । ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পুৱা 4.09 বজাত ১০ কিলোমিটাৰ গভীৰতাত 4.4 প্ৰাৱল্যৰ ভূমিকম্পৰ কম্পন অনুভূত হৈছিল ।

লগতে পঢ়ক :Bus falls into river: ঝাৰখণ্ডৰ বাৰাকিৰ নদীত পৰিল যাত্ৰীভৰ্তি বাছ; বহু লোকৰ মৃত্যু হোৱাৰ আশংকা

ABOUT THE AUTHOR

...view details