নেশ্যনেল ডেস্ক, ২৪ জুন : কানাডাত উচ্চ শিক্ষাৰ বাবে যোৱা ৭০০ৰো অধিক শিক্ষাৰ্থীক প্ৰতাৰণা । শিক্ষাৰ্থীসকলক ভিছা প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী । ট্ৰেভেল এজেণ্ট ব্ৰজেশ মিশ্ৰক কানাডাত গ্ৰেপ্তাৰ । খবৰ অনুসৰি ভুৱা কানাডিয়ান কলেজ এডমিছন কাৰ্ড কেলেংকাৰীৰ সৈতে জড়িত ভাৰতীয় ইমিগ্ৰেচন এজেণ্ট ব্ৰজেশ মিশ্ৰই কানাডাত প্ৰৱেশৰ চেষ্টা কৰি থকাৰ সময়তে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
উল্লেখ্য যে কানাডা বৰ্ডাৰ চাৰ্ভিচেছ এজেঞ্চিয়ে কানাডাৰ বিশ্ববিদ্যালয়সমূহত ভুৱা এডমিট কাৰ্ড পোৱাৰ পাছতে প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থীক বিতাড়িত কৰিছিল । সেইসকল শিক্ষাৰ্থীৰ বেছিভাগে পঞ্জাৱৰ আছিল । তেওঁলোকৰ বিৰুদ্ধে পত্ৰ জাৰী কৰা হৈছিল । সেই সকলো ভাৰতীয় শিক্ষাৰ্থী ৩ বছৰ পূৰ্বে ছাত্ৰ ভিছাত কানাডালৈ গৈছিল । ইফালে শিক্ষাৰ্থীসকলে পিআৰৰ বাবে আবেদন কৰাৰ সময়তে তেওঁলোকক কৰা প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহে । তদন্তৰ মাজতে পোহৰলৈ আহিছে যে প্ৰতিষ্ঠানবোৰে দিয়া প্ৰাৰম্ভিক প্ৰস্তাৱ পত্ৰবোৰ ভুৱা আছিল । ইয়াৰ পাছতে জলন্ধৰৰ ট্ৰেভেল এজেণ্ট ব্ৰজেশ মিশ্ৰৰ নাম পোহৰলৈ আহিছিল ।