অসম

assam

ETV Bharat / bharat

Transgenders will Drive cabs in Delhi: কেব চালকৰ ৰূপত দেখা পাব তৃতীয় লিংগৰ লোকক - ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ

15 নৱেম্বৰৰ পৰা দিল্লীৰ ৰাজপথত কেব চালকৰ ৰূপত দেখা পাব মহিলা আৰু তৃতীয় লিংগৰ লোকক ৷ এটা বেচৰকাৰী সংগঠনৰ উদ্যোগত লোৱা হৈছে এই প্ৰচেষ্টা ৷

Transgenders will Drive cabs in Delhi
কেব চালকৰ ৰূপত দেখা পাব তৃতীয় লিংগৰ লোকক

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 10:38 PM IST

কেব চালকৰ ৰূপত দেখা পাব তৃতীয় লিংগৰ লোকক

নিউজ ডেস্ক, 13 অক্টোবৰ :তৃতীয় লিংগৰ লোক বুলি কলে ৰে’ল ষ্টেচন, বাছ আস্থান বা কেতবোৰ ৰাজহুৱা স্থানত ধন বিচাৰে বুলিয়েই হয়তো আপোনাৰ মনলৈ ভাব আহে ৷ কিন্তু সেই ধাৰণাক সলনি কৰিবলৈ চেষ্টা কৰিছে ভিন্নজনে ৷ সেয়ে নতুন দিল্লীৰ এগৰাকী যুৱতীৰ প্ৰচেষ্টাত মহিলা আৰু তৃতীয় লিংগৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

অৰ্বিন কেব নামেৰে বিশেষ কেব সেৱা মুকলি কৰিব বুলি প্ৰকাশ কৰিছে ৰুমান নামৰ এগৰাকী যুৱতীয়ে ৷ 15 নৱেম্বৰৰ পৰা নতুন দিল্লীৰ ৰাজপথত তৃতীয় লিংগৰ লোকেও কেব চলোৱৰ দৃশ্য দেখা যাব ৷ এইক্ষেত্ৰত ৰুমান নামৰ যুৱতীগৰাকীয়ে কয়, ‘‘ তৃতীয় লিংগৰ লোকৰ লগতে মহিলাসকলেও কেব চলাব পাৰিব ৷ 15 নৱেম্বৰত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ 3 নং টাৰ্মিনেলৰ পৰা আৰম্ভ হ’ব এই বিশেষ কেব সেৱা ৷ এয়া কেৱল পৰিয়াল চলোৱাৰ বাবে নহয়, যাতে আন দহজনে অনুপ্ৰেৰণা লাভ কৰে তাৰ বাবে এই চেষ্টা কৰা হৈছে ৷’’

এই পদক্ষেপৰ আঁৰত কি আছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰুমানে কয়, ‘‘ৰে’ল, বাছ বা চাৰিআলিত মানুহৰ পৰা টকা বিচৰা সময়ত তৃতীয় লিংগৰ লোকক মই সুধিছিলো, তেওঁলোকে কিয় কেতবোৰ কাম নকৰে ! তেতিয়া তেওঁলোকে কয়, কোনে আমাক কাম দিব ? যাৰ বাবে তৃতীয় লিংগৰ লগতে মহিলাসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰাৰ কথা মোৰ মনলৈ চিন্তা আহিছিল ৷ তাৰ ফলস্বৰূপে বৰ্তমানলৈকে 70 গৰাকী তৃতীয় লিংগৰ লোকক অৰ্বিন কেব চলাবলৈ বাছনি কৰা হৈছে ৷’’

এইক্ষেত্ৰত হিমাঞ্চি নামৰ এগৰাকী মহিলা কেব চালকে কয়, ‘‘গাড়ী চলোৱাটো মোৰ নিচা । মই মোৰ নিচাক বৃত্তি হিচাপে বাচি লৈছো । মই আন মহিলাসকলকো ক'ব বিচাৰো যে, তেওঁলোকে নিজৰ ভৰিত থিয় হ'বলৈ শিকিব লাগে ।’’

উল্লেখ্য যে, দিল্লী চৰকাৰৰ সহযোগত তৃতীয় লিংগৰ লোকৰ লগতে মহিলাকো বাহন চলোৱাৰ প্ৰশিক্ষণ দিয়া হৈছিল ৷ প্ৰায় 100 গৰাকী মহিলা আৰু তৃতীয় লিংগৰ লোকক প্ৰায় ছমাহ ধৰি প্ৰশিক্ষণ দিয়া হৈছিল ৷ কেৱল বাহন চলোৱাই নহয়, কেনেদৰে গ্ৰাহকৰ সৈতে ভাল আচৰণ কৰিব লাগে সেই বিষয়ে শিকোৱা হৈছিল প্ৰশিক্ষণত ।

ইফালে 14 নৱেম্বৰত দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হ’ব লগা বাণিজ্য মেলাত মহিলা আৰু তৃতীয় লিংগৰ চালকসকলৰ বাবে অৰ্বিন কেব মুকলি কৰা হ'ব যদিও 15 নৱেম্বৰৰ পৰাহে কেবসমূহ চলাচল কৰিব বুলি উল্লেখ কৰে ৰুমানে ৷

লগতে পঢ়ক:Rajasthan Road Accident : ৰাজস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা; একেটা পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু

ABOUT THE AUTHOR

...view details