অসম

assam

Reservation to Transgender : সংৰক্ষণৰ সুবিধা তৃতীয় লিংগয়ো লাভ কৰিব পাৰে; উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

By

Published : Jul 26, 2023, 6:17 PM IST

কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছে যে তৃতীয় লিংগৰ ব্যক্তিসকল এছচি, এছটি, এছইবিচি আৰু ইডব্লিউএছ শ্ৰেণীৰ অধীনত চাকৰি আৰু শিক্ষা সুবিধা লাভ কৰিবলৈ যোগ্য, যদিহে তেওঁলোক এই সংৰক্ষণ শ্ৰেণীৰ অন্তৰ্গত হয় ।

Reservation to Transgender
Reservation to Transgender

নিউজ ডেস্ক, ২৬ জুলাই :কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাইছে যে তৃতীয় লিংগৰ ব্যক্তিসকলে অনুসূচিত জাতি, অনুসূচিত জনজাতি, সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ অধীনত চাকৰি আৰু শিক্ষাৰ বাবে কোটাৰ সুবিধা লাভ কৰিব পাৰে । অৱশ্যে এই সুবিধা লাভ কৰিবৰ বাবে তেওঁলোক এই সংৰক্ষণ শ্ৰেণীৰ অন্তৰ্গত হ'ব লাগিব ।

দেশৰ শীৰ্ষ ন্যায়ালয়ে ২০১৪ চনৰ এক ৰায়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক 'সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী' হিচাপে গণ্য কৰিবলৈ আৰু চৰকাৰী চাকৰি আৰু উচ্চ শিক্ষাত সকলো ধৰণৰ সংৰক্ষণ সম্প্ৰসাৰিত কৰিবলৈ নিৰ্দেশ দিছিল ।

সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ে শীৰ্ষ ন্যায়ালয়ত দাখিল কৰা এক প্ৰতিবাদী শপতনামাত কয় যে চৰকাৰে দৰিদ্ৰ আৰু প্রান্তিক লোকসকলক মূলসুঁতিলৈ অনাৰ উদ্দেশ্যে সংৰক্ষণ প্ৰদান কৰি আছে আৰু শিক্ষা বা নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে কোনো পৃথক সংৰক্ষণ নাই । শপতনামাখনত কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ সেৱাত পোনপটীয়া নিযুক্তি আৰু কেন্দ্ৰীয় চৰকাৰৰ উচ্চ শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত সংৰক্ষণৰ লাভালাভ এনে ধৰণে দিয়া হৈছে- অনুসূচিত জাতি (এছচি)- ১৫%; অনুসূচিত জনজাতি (এছটি)- ৭.৫%; সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণী (এছইবিচি)- ২৭% আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী (ইডব্লিউএছ)- ১০% ।

লগতে কয় যে সংসদে তৃতীয় লিংগৰ ব্যক্তিসকলৰ কল্যাণৰ বাবে তৃতীয় লিংগৰ ব্যক্তি (অধিকাৰ সুৰক্ষা) আইন গৃহীত কৰিছিল, কিন্তু সম্প্ৰদায়টোক এনেদৰে কোটা সুবিধা প্ৰদান কৰা নাছিল । কেন্দ্ৰই নিজৰ শপতনামাত কয়, "উপৰিউক্ত ৪ টা সংৰক্ষণকে ধৰি যিকোনো সংৰক্ষণৰ লাভালাভ দেশৰ প্রান্তিক আৰু যোগ্য জনসাধাৰণে লাভ কৰিব পাৰে, যাৰ ভিতৰত আছে তৃতীয় লিংগৰ ব্যক্তিসকলো ।"

কেন্দ্ৰই এই কথা জোৰ দি কয় যে অনুসূচিত জাতি/অনুসূচিত জনজাতি/এছইবিচি সম্প্ৰদায়ৰ তৃতীয় লিংগ ইতিমধ্যে এই সম্প্ৰদায়সমূহৰ বাবে নিৰ্ধাৰিত সংৰক্ষণৰ অধিকাৰী । "৮ লাখ টকাৰ কম উপাৰ্জন থকা পৰিয়ালৰ অনুসূচিত জাতি/অনুসূচিত জনজাতি/এছইবিচি সম্প্ৰদায়ৰ বাহিৰৰ যিকোনো তৃতীয় লিংগক স্বয়ংক্ৰিয়ভাৱে ইডব্লিউএছ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় ।" দেশৰ সমগ্ৰ প্রান্তিক আৰু যোগ্য জনসাধাৰণক (তৃতীয় লিংগসহ) বৰ্তমান উপৰিউক্ত ৪ টা শ্ৰেণীৰ যিকোনো এটাৰ অধীনত অন্তৰ্ভুক্ত হৈ আছে । শপতনামাত কোৱা হৈছে ।

২০১৪ চনত শীৰ্ষ ন্যায়ালয়ে এই ব্যক্তিসকলক তৃতীয় লিংগ হিচাপে আইনী স্বীকৃতি প্ৰদান কৰিছিল । তাৰ দ্বাৰা ব্যক্তিগত স্বতন্ত্ৰতা আৰু পছন্দৰ অধিকাৰক মানৱ মৰ্যাদাৰ সমতুল্য কৰিছিল । শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰসমূহক তেওঁলোকৰ উন্নতিৰ বাবে সমাজ কল্যাণ আঁচনি বিকশিত কৰাৰ নিৰ্দেশনা জাৰি কৰে । আনহাতে, সংৰক্ষণ সুবিধা লাভ কৰাৰ উদ্দেশ্যে তেওঁলোকক এছইবিচি হিচাপে বিবেচনা কৰাটো নিশ্চিত কৰে ।

চলিত বছৰৰ মাৰ্চ মাহত শীৰ্ষ ন্যায়ালয়ে ২০১৪ চনত আদালতে জাৰি কৰা নিৰ্দেশনা পালন কৰাত ব্যৰ্থ হোৱাৰ বাবে তৃতীয় লিংগৰ ব্যক্তিৰ এটা গোটৰ আবেদনৰ ওপৰত কেন্দ্ৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল । সম্প্ৰদায়টোৰ কল্যাণৰ বাবে লোৱা পদক্ষেপসমূহৰ বিষয়ে বিৱৰণ দি কেন্দ্ৰই ইয়াৰ শপতনামাত কয় যে ২১ আগষ্ট, ২০২০ তাৰিখে তৃতীয় লিংগৰ ব্যক্তিৰ বাবে এখন ৰাষ্ট্ৰীয় পৰিষদ গঠন কৰা হৈছে । পৰিষদে তৃতীয় লিংগ ব্যক্তিসকলৰ সন্দৰ্ভত নীতি, কাৰ্যসূচী, আইন আৰু প্ৰকল্পৰ বিষয়ে চৰকাৰক পৰামৰ্শ দিব । এনচিইআৰটিয়ে 'বিদ্যালয় শিক্ষাত তৃতীয় লিংগ শিশুৰ অন্তৰ্ভুক্তি : উদ্বেগ আৰু ৰোডমেপ' শিৰোনামেৰে এটা প্ৰশিক্ষণ মডিউল' বিকশিত কৰি আছে বুলিও শপতনামাত কোৱা হৈছে ।

লগতে পঢ়ক :ED Director Tenure Issue : ইডি সঞ্চালকৰ কাৰ্যকাল বৃদ্ধি; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details