অসম

assam

ETV Bharat / bharat

Transfer of six high court judges: উচ্চ ন্যায়ালয়ৰ 6 ন্যায়াধীশৰ বদলিকৰণ - উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা

মুখ্য ন্যায়াধীশ এন ভি ৰমন, ন্যায়াধীশ ইউ. ইউ. ললিত আৰু এ এম খানউইলকাৰসহ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক স্থানান্তৰ, প্ৰত্যাৱৰ্তন আৰু পদোন্নতিৰ সন্দৰ্ভত 6 জন ন্যায়াধীশক বদলি কৰাৰ নিৰ্দেশনা দিছে (Transfer of six high court judges) ৷

SC collegium on elevation of judges of high courts
উচ্চ ন্যায়ালয়ৰ 6 ন্যায়াধীশৰ বদলিকৰণ

By

Published : May 27, 2022, 2:55 PM IST

নেশ্যনেল ডেস্ক, 27 মে' : উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ 6 জন ন্যায়াধীশক বদলিকৰণৰ (SC collegium on elevation of judges of high courts) নিৰ্দেশনা দিছে ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমন, ন্যায়াধীশ ইউ. ইউ. ললিত আৰু এ এম খানউইলকাৰসহ উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া কলেজিয়ামে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক স্থানান্তৰ, প্ৰত্যাৱৰ্তন আৰু পদোন্নতিৰ সন্দৰ্ভত 6 জন ন্যায়াধীশক বদলি কৰাৰ সিদ্ধান্ত (Supreme Court collegium has recommendations) গ্ৰহণ কৰে ৷

শীৰ্ষ ন্যায়ালয়ৰ ৱেবছাইটত আপলোড কৰা অনুসৰি বদলিকৰণ হোৱা ন্যায়াধীশসকলৰ ভিতৰত ন্যায়াধীশ পুৰুষেইন্দ্ৰ কুমাৰ গৌৰৱক মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ পৰা দিল্লী উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷ ন্যায়াধীশ আহছানুদ্দিন আমানুল্লাহক অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷ ন্যায়াধীশ চিত্ত ৰঞ্জন দাসক উৰিষ্যা উচ্চ ন্যায়ালয়ৰ পৰা কলকতা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

ন্যায়াধীশ সুভাষী তালাপাত্ৰক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ পৰা উৰিষ্যা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷ ন্যায়াধীশ লানুচুংকুম জামিৰক মণিপুৰ উচ্চ ন্যায়ালয়ৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়লৈ (Gauhati High Court) বদলি কৰা হৈছে আৰু ন্যায়াধীশ ধীৰাজ সিং ঠাকুৰক জম্মু আৰু কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ পৰা বোম্বে উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ।

লগতে পঢ়ক:"পতিতালয় চলোৱাটোহে বেআইনী, কিন্তু যৌন কৰ্ম অবৈধ নহয়"- উচ্চতম ন্যায়ালয়

ABOUT THE AUTHOR

...view details