অসম

assam

By

Published : Feb 4, 2023, 7:00 PM IST

ETV Bharat / bharat

Trans Couple Pregnancy : ইতিহাস সৃষ্টিৰে ভাৰতত সন্তান জন্ম দিবলৈ ওলাইছে তৃতীয় লিংগই

কেৰালাৰ তৃতীয় লিংগৰ দম্পতিয়ে অহা মাহত নিজৰ সন্তানক স্বাগতম জনাবলৈ সাজু হৈছে । এয়া হ'ব ভাৰতত প্ৰথম তৃতীয় লিংগৰ গৰ্ভধাৰণ (first trans couple pregnancy in India) ।

Etv Bharat
Etv Bharat

ভাৰতত প্ৰথম তৃতীয় লিংগৰ গৰ্ভধাৰণ

নিউজ ডেস্ক, ৪ ফেব্ৰুৱাৰী : তৃতীয় লিংগৰ দম্পতিৰ গৰ্ভধাৰণ ! কথাটো শুনিলেই আচৰিত যেন লাগে । কেৱল গৰ্ভধাৰণেই নহয়, এমাহ পিছত সন্তান জন্ম দিবলৈও সাজু হৈছে । তাকো ঘটনাটো ঘটিবলৈ ওলাইছে খোদ আমাৰ দেশতেই । যাক লৈ এতিয়া দেশজুৰি তীব্ৰ চৰ্চা অব্যাহত আছে । কেৰালাৰ এটি তৃতীয় লিংগৰ দম্পতিয়ে ঘোষণা কৰিছে যে তেওঁলোকে অহা মাহত এটা সন্তানৰ আশা কৰিছে (transgender couple from Kerala become pregnant) । যিটো সম্ভৱত দেশৰ এগৰাকী তৃতীয় লিংগৰ ব্যক্তিৰ এনে ধৰণৰ প্ৰথম গৰ্ভধাৰণ (first trans couple pregnancy in India) । কেৰালাৰ উম্মালাথুৰ কোজিকোড জিলাৰ স্থানীয় বাসিন্দা তথা এগৰাকী নৃত্যশিল্পী জিয়া পাভালে ইনষ্টাগ্ৰামত ঘোষণা কৰিছে এই কথা । তেওঁ জনাইছে যে তেওঁৰ সঙ্গী জাহহাদ বৰ্তমান আঠ মাহৰ গৰ্ভৱতী ।

লগতে তেওঁলোকে আশা কৰিছে যে অহা 4 মাৰ্চৰ ভিতৰত এগৰাকী নতুন অতিথিৰ তেওঁলোকৰ জীৱনলৈ আগমন ঘটিব (kerala trans couple going to born baby) । উল্লেখ্য যে তৃতীয় লিংগৰ হোৱা সত্ত্বেও তেওঁলোক দুয়োৰে শৰীৰ পৰিৱৰ্তনৰ আধা পথত আছে । জাহহাদে হৰমন থেৰাপী কৰাৰ লগতে নিজৰ স্তন আঁতৰাইছিল । আনহাতে, জৰায়ু আঁতৰাবলৈ অস্ত্ৰোপচাৰৰ পৰ্যায়ত উপনীত হোৱাৰ সময়তে তেওঁৰ কেঁচুৱা এটা জন্ম দিয়াৰ আকাংক্ষাৰ জন্ম হৈছিল । যাৰ বাবে কোজিকোড চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত জাহহাদৰ গৰ্ভধাৰণৰ চিকিৎসা কৰিছিল । অৱশ্যে যদিও আহিবলগীয়া কেঁচুৱাটোক স্তনপান কৰাব নোৱাৰে, চিকিৎসালয়ৰ গাখীৰ বেঙ্কৰ জৰিয়তে এটা ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে (trans couple pregnancy history) ।

"আমি মোৰ মাতৃ হোৱাৰ সপোন আৰু তেওঁ পিতৃ হোৱাৰ সপোন পূৰণ কৰিবলৈ ওলাইছোঁ । এটা আঠ মাহৰ ভ্ৰূণ এতিয়া (জাহহাদৰ) পেটত আছে... আমি যিটো জানিব পাৰিছোঁ, এইটো হৈছে ভাৰতত প্ৰথম তৃতীয় লিংগৰ গৰ্ভধাৰণ ।" জিয়া পাভালে ই টিভি ভাৰতৰ আগত এনেদৰে কয় । উল্লেখ্য, বিগত তিনি বছৰ ধৰি একেলগে বাস কৰি থকা দম্পতিটোৱে হৰমন থেৰাপী কৰি আছিল । অৱশ্যে পুৰুষ হ'বলৈ নিজক পৰিৱৰ্তন কৰি থকা জাহহাদে সন্তান গৰ্ভধাৰণ কৰিবলৈ এই প্ৰক্ৰিয়া স্থগিত ৰাখিছে । আনহাতে, জাহহাদে গৰ্ভধাৰণৰ বাবে চলি থকা স্তন আঁতৰোৱাৰ অস্ত্ৰোপচাৰৰ প্ৰক্ৰিয়াও বন্ধ ৰাখিছে । ইফালে তেওঁলোকে এই সমগ্ৰ প্ৰক্ৰিয়াটোক সমৰ্থন আগবঢ়োৱাৰ বাবে তেওঁলোকৰ পৰিয়াল আৰু চিকিৎসকসকলক ধন্যবাদ জনাইছে ।

উল্লেখ্য, জাহহাদ কোজিকোডৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ একাউণ্টেণ্ট আছিল । জিয়াই ই টিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে, তেওঁ শিশুসকলক নৃত্য শিকোৱাৰ পৰা উপাৰ্জন কৰা ধনৰ ওপৰতে জীৱন নিৰ্বাহ কৰি আছে । তেওঁ গৰ্ভৱতী বুলি গম পোৱাৰ পিছত জাহহাদে আনন্দতে জঁপিয়াই উঠিছিল । এই অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ কয় যে প্ৰথম তিনিমাহ জাহহাদৰ বাবে বৰ ভয়ংকৰ আছিল । বমি কৰি কৰি ভাগৰি পৰিছিল । তাৰ পিছত পৰিৱৰ্তন আহে । কেঁচুৱাটোৰ গতিবিধিত তেওঁৰ নয়ন ভৰি পৰে । আনহাতে, গৰ্ভৱতী হোৱাৰ পিছত জাহহাদে কামলৈ যোৱাটো বন্ধ কৰে ।

নাডাকাভ ওম স্কুল অব ডান্সৰ ড০ হৰ্ষণ চেবাষ্টিয়ান এণ্টনিৰ সহায়ত তেওঁৰ জীৱন আগবাঢ়ি গৈ থাকে । আনহাতে, সহায়ৰ বাবে অনুৰোধ জনাই এখন আবেদন মুখ্যমন্ত্ৰী আৰু সমাজ কল্যাণ বিভাগৰ ওচৰত দাখিল কৰা হ'ব । অৱশ্যে ডাঙৰ হোৱাৰ লগে লগে কেঁচুৱাটোৱে সন্মুখীন হ'ব পৰা ইতিকিং বা ঠাট্টা-মস্কৰাৰ বিষয়েও চিন্তিত হৈছে । কিন্তু তেওঁলোক এইকথাত বিশ্বাসী যে কেঁচুৱাটোৱে ডাঙৰ হ'লে তেওঁলোকক বুজি পাব আৰু তেওঁলোকৰ সৈতে থাকিব । জিয়াই ই টিভি ভাৰতৰ আগত লগতে কয় যে তেওঁলোকৰ সন্তানে এই সমাজত উচ্চ শিৰে জীয়াই থাকিব লাগিব ।

লগতে পঢ়ক :Congress slams BJP : ‘আচ্ছে দিন'ৰ স্বপ্ন দেখুৱাই দেশবাসীক ঠগিলে প্ৰধানমন্ত্ৰী মোডীয়ে: মনজিৎ মহন্ত

For All Latest Updates

ABOUT THE AUTHOR

...view details