নেশ্যনেল ডেস্ক,১৮ এপ্ৰিল:অৱশেষত মৃত্যুক আঁকোৱালি ল'লেশুকুৰবাৰে নিশা দক্ষিণ কাশ্মীৰৰ ট্ৰাল অঞ্চলত গুলীবিদ্ধ হোৱা এগৰাকী মহিলাই । ৩৬ বছৰীয়া মহিলাগৰাকীয়ে দেওবাৰে শ্ৰীনগৰৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে । আৰক্ষীয়ে শনিবাৰে এই সন্দৰ্ভত এটা গোচৰো ৰুজু কৰিছিল । মহিলাগৰাকী ট্ৰালৰ ডাৰ্গানি গুণ্ড অঞ্চলৰ বাসিন্দা চাকিলা বানু বুলি চিনাক্ত কৰা হৈছে ।
আৰক্ষীয়ে বিবৃতি অনুসৰি মহিলাগৰাকীৰ পৰিয়ালে আঘাত লুকুৱাবলৈ চেষ্টা কৰিছিল ৷ লগতে ওচৰৰ এখন চিকিৎসালয়লৈ লৈ গৈছিল ৷ কিন্তু পিছত মহিলাগৰাকীক তাৰ পৰা ট্ৰালৰ চাব ডিষ্ট্ৰিক্ট হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল । অৱশ্যে পিছত তেওঁক শ্ৰীনগৰৰ এছএমএইচএছ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য'ত চিকিৎসকে মহিলাগৰাকীৰ দেহত গুলীৰ আঘাত ধৰা পেলায় ।