নেশ্যনেল ডেস্ক, 18 মাৰ্চ: মধ্য প্ৰদেশৰ লাঞ্জিত ভয়ংকৰ ঘটনা সংঘটিত হৈছে (Balaghat plane crash) ৷ শনিবাৰে জিলাখনৰ মাওবাদী অধ্যুষিত অঞ্চল লাঞ্জি আৰু কিৰণপুৰৰ মাজৰ অৰণ্যত এখন প্ৰশিক্ষাৰ্থী বিমান দুৰ্ঘটনাগ্ৰস্ত হয় (Trainee Plane crashes in Balaghat)। এই দুৰ্ঘটনাত প্ৰশিক্ষক পাইলট মোহিত আৰু মহিলা প্ৰশিক্ষাৰ্থী পাইলট ভাৰচুকাৰ ঘটনাস্থলীতেই মৃত্যু হয় (Trainee pilot and instructor death)।
প্ৰাৰম্ভিক তথ্য অনুসৰি, শনিবাৰে বিয়লি প্ৰায় 3 বজাত মহাৰাষ্ট্ৰৰ বিৰচি বিমানবন্দৰৰ পৰা প্ৰশিক্ষাৰ্থী বিমানখন উৰা মাৰিছিল ৷ বিমানখন উৰা মৰাৰ প্ৰায় ১৫ মিনিট পিচতেই অলপ দূৰৈত গৈ বালাঘাটৰ লাঞ্জি আৰু কিৰণাপুৰৰ মাজৰ ভক্কুটোলা-কোচমাৰা পাহাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখন বাগৰি পৰাৰ পিচতে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয় (Gondia Birsi airport) ৷ বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও জানিব পৰা মতে বিমানখনৰ পাইলটৰ নিয়ন্ত্ৰণ হেৰুই যোৱাৰ ফলত এই দুৰ্ঘটনাৰ সংঘটিত হয় ৷
গণ্ডিয়া এটিচিৰ এ জি এম কমলেশ মেশ্ৰামে এই দুৰ্ঘটনাটোৰ কথা নিশ্চিত কৰিছে ৷ বালাঘাট জিলাৰ আৰক্ষী অধীক্ষক সমীৰ সৌৰভে এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিচতেই ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ সম্প্ৰতি উদ্ধাৰকাৰী দলে ঘটনাতস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে সমীৰ সৌৰভে ৷