অসম

assam

ETV Bharat / bharat

ছত্তিশগড়ত মাওবাদীয়ে লাইনচ্যুত কৰিলে যাত্ৰীবাহী ৰে'ল - দান্তেৱাড়াৰ আৰক্ষী অধীক্ষক

শুকুৰবাৰে ছত্তিশগড়ৰ দান্তেৱাড়াত এখন যাত্ৰীবাহী ৰে'ল লাইনচ্যুত কৰালে মাওবাদীয়ে । যাত্ৰীসকলক ২৬ এপ্ৰিলত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাবলৈ নিৰ্দেশ দিয়ে মাওবাদীৰ এটা দলে । ভাৰত বন্ধৰ সমৰ্থনত ৰে'লখনত পোষ্টাৰ আঁৰি দিয়ে মাওবাদীৰ দলে ।

ছত্তিশগড়ৰ দান্তেৱাড়াত এখন যাত্ৰীবাহী ৰে'ল লাইনচ্যুত কৰালে মাওবাদীয়ে
ছত্তিশগড়ৰ দান্তেৱাড়াত এখন যাত্ৰীবাহী ৰে'ল লাইনচ্যুত কৰালে মাওবাদীয়ে

By

Published : Apr 24, 2021, 11:27 AM IST

নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল: ২৬ এপ্ৰিলত আহ্বান জনোৱা ভাৰত বন্ধ সফল কৰাৰ চেষ্টা মাওবাদীৰ । শুকুৰবাৰে ছত্তিশগড়ৰ দান্তেৱাড়াৰ ভাঞ্চি আৰু বাচেলী ষ্টেচনৰ মাজতে এখন যাত্ৰীবাহী ৰে'ল মাওবাদীয়ে লাইনচ্যুত কৰায় । ৰে'লখনত প্ৰায় ৩০ জন যাত্ৰী আছিল আৰু বৰ্তমান সকলো সুৰক্ষিত বুলি জানিব পৰা গৈছে ।

ছত্তিশগড়ৰ দান্তেৱাড়াত এখন যাত্ৰীবাহী ৰে'ল লাইনচ্যুত কৰালে মাওবাদীয়ে

প্ৰাপ্ত তথ্য অনুসৰি, মাওবাদীয়ে বনাঞ্চলৰ মাজত ৰে'ল ৰখাই যাত্ৰীসকলক ২৬ এপ্ৰিলত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাবলৈ কৈছিল । মাওবাদীয়ে ৰে'লখনত ভাৰত বন্ধৰ সমৰ্থনত পোষ্টাৰ আঁৰি দিয়ে ৷ ঘটনা সন্দৰ্ভত দান্তেৱাড়াৰ আৰক্ষী অধীক্ষকে কয় যে, মাওবাদীয়ে প্ৰায় ৪৫ মিনিট সময়ৰ বাবে ৰে'লখন আৱদ্ধ কৰি ৰাখিছিল ।

ছত্তিশগড়ৰ দান্তেৱাড়াত এখন যাত্ৰীবাহী ৰে'ল লাইনচ্যুত কৰালে মাওবাদীয়ে

এই সময়ছোৱাত কোনো যাত্ৰীৰে ক্ষতি কৰা নাছিল । এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱানসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু যাত্ৰীসকলক উদ্ধাৰ কৰে । উল্লেখ্য যে, যোৱা ৪ এপ্ৰিলত নিৰাপত্তা বাহিনীয়ে চলোৱা মাওবাদী বিৰোধী অভিযানৰ সময়ত ২২ জন জোৱানে প্ৰাণ হেৰুৱাইছিল ।

লগতে পঢ়ক: নৌসেনাৰ দুখনকৈ জাহাজে লক্ষদ্বীপলৈ কঢ়িয়াব অক্সিজেন চিলিণ্ডাৰ

ABOUT THE AUTHOR

...view details