নেশ্যনেল ডেস্ক, 1 জুন :কেৰালাৰকন্নুৰ ৰে’লৱে ষ্টেচনত আলাপ্পুজা কান্নুৰ এক্সিকিউটিভ এক্সপ্ৰেছ ট্ৰেইনত অগ্নিকাণ্ড (Alappuzha Kannur executive express train) । পুৱা প্ৰায় ১.২৫ বজাত সংঘটিত হয় এই ঘটনা । ট্ৰেভেল সেৱা বন্ধ হোৱাৰ পিচতে ৰে’লখনত অগ্নিকাণ্ড সংঘটিত হয় । শেষৰটোৰ পৰা তৃতীয় দবাত জুই লাগে । দবাটো সম্পূৰ্ণৰূপে জ্বলি শেষ হৈ যায় ৷ এইখন সেইখন ৰে’ল য’ত শ্বাহৰুখ ছাইফীয়ে কোঝিকোডৰ এলাথুৰত জুই লগাই দিছিল । এই ঘটনা পৰিকল্পিত বুলি সন্দেহ কৰা হৈছে ।
কেৰালা আৰক্ষী আৰু ৰে’ল আৰক্ষীয়ে ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে । ওচৰৰ বিপিচিএলৰ পেট্ৰ’ল ডিপোৰ চিচিটিভি ফুটেজত আৰক্ষীয়ে বেত লৈ খোজকাঢ়ি থকা এজন লোকক প্ৰত্যক্ষ কৰে । তদন্তকাৰী দলটোৱে বাহিৰৰ কাৰোবাৰ হস্তক্ষেপ অবিহনে জুই ইমান সোনকালে বিয়পি পৰাৰ সম্ভৱ নহয় বুলি সন্দেহ ব্যক্ত কৰে (Train caught fire at Kannur Railway station) ৷
তদন্তকাৰী দলটোৱে ইতিমধ্যে নিকটৱৰ্তী চিচিটিভি ফুটেজ পৰীক্ষা কৰিছে । ঘটনা সংঘটিত হোৱাৰ সময়ত ৰে’লৰ ভিতৰত কোনো লোক আছিল নেকি আৰু তেওঁ অপৰাধ সংঘটিত কৰিছিল নেকি সেই বিষয়ে সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী দলটোৱে । অধিক তদন্তৰ অন্ততহে অধিক সবিশেষ দিব পৰা যাব বুলি আৰক্ষী দলটোৱে জানিবলৈ দিয়ে ।