অসম

assam

ETV Bharat / bharat

Road Accident in Bihar : শোকাৱহ পথ দুৰ্ঘটনাত পাঁচজনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই এটা খালত বাগৰিল এখন স্কৰপিঅ’ বাহন । থিতাতে ৫জন লোকৰ মৃত্যু ৷

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 11:43 AM IST

Tragic Road Accident at saran in Bihar
ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, 25 আগষ্ট : বিহাৰৰ চাৰণত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মছৰাকৰ কৰ্ণ কুদাৰিয়া গাঁৱত নিয়ন্ত্ৰণ হেৰুৱাই এটা খালত বাগৰি পৰে এখন স্কৰপিঅ’ বাহন । এই ঘটনাত থিতাতে ৫ জন লোকৰ মৃত্যু হয় ৷ একে সময়তে এজন যুৱক সৌভাগ্যক্ৰমে গাড়ীখনৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে এই সকলো লোক এক শ্ৰাদ্ধ অনুষ্ঠানৰ পৰা উভতি আহিছিল ৷

মাছৰক থানা এলেকাৰ চালিশ আৰ ডিৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে, গোপালগঞ্জ জিলাৰ বৈকুণ্ঠপুৰ থানা এলেকাত বসবাস কৰা এটা পৰিয়ালৰ লোকে এক শ্ৰাদ্ধ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ছিৱানৰ বসন্তপুৰ থানা এলেকাৰ বাঘী গাঁৱলৈ গৈছিল ৷ বৃহস্পতিবাৰে গভীৰ নিশা সকলোৱে শ্ৰাদ্ধ অনুষ্ঠানৰ পৰা গোপালগঞ্জ অভিমুখে ৰাওনা হয় যদিও মছৰাক থানা এলেকাৰ সমীপত ১৫ ফুট দ খাল এটাত বাহনখন বাগৰি পৰে ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত গাড়ীখনত ৬ জন লোক আছিল ৷ ইয়াৰে পাঁচজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ এজন ব্যক্তিয়ে কোনোমতে গাড়ীৰ পৰা ওলাই নিজৰ জীৱন ৰক্ষা কৰে ৷ গাড়ীৰ পৰা ওলাই অহা ব্যক্তিজনৰ চিঞয়ৰ-বাখৰত স্থানীয় ৰাইজ থিতাতে গোট খাই ডুবাৰুৰ সহযোগত গাড়ীত আবদ্ধ হৈ থকা আন ব্যক্তিকেইজনক উলিয়াই আনে যদিও কোনো এজনকো ৰক্ষা কৰিব পৰা নগ’ল ৷

জানিব পৰা মতে, বাঘী গাঁৱত আয়োজিত এক শ্ৰাদ্ধত অংশগ্ৰহণ কৰি মছৰকৰ পদমপুৰ নিবাসী এজন ব্যক্তিক গাড়ীত থকা লোকসকলে ঘৰত থবলৈ গৈ আছিল, তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাঁচোটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে সদৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰি আত্মীয়ক অৱগত কৰে ৷

লগতে পঢ়ক :Businessman attacked in Nagaon: নগাঁৱত ব্যৱসায়ীক ছুৰীকাঘাত দুৰ্বৃত্তৰ; কেমেৰাত বন্দী আক্ৰমণৰ দৃশ্য

ABOUT THE AUTHOR

...view details