অসম

assam

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 9:20 PM IST

ETV Bharat / bharat

Himachal Pradesh rains: হিমাচলত বান-ভূমিস্খলনত 3 শতাধিক লোকৰ মৃত্যু; ঠায়ে ঠায়ে ব্যাহত যাতায়ত

বিগত এমাহ ধৰি অপৰিৱৰ্তিত হৈ আছে হিমাচল প্ৰদেশৰ পৰিস্থিতি ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰি ৰাজ্যখনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে ৷ ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা ৷

Himachal Pradesh rains
Himachal Pradesh rains

নেশ্যনেল ডেস্ক, 25 আগষ্ট: প্ৰাকৃতিক দুৰ্যোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত ৷ নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা বান আৰু ভূমিস্খলনৰ ঘটনাত বৰ্তমানলৈকে 348 লোকে প্ৰাণ হেৰুৱাইছে ৷ ভূমিস্খলনৰ ফলত ঠায়ে ঠায়ে পথ বন্ধ হৈ পৰাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ কেইবাটাও স্থানত বাহনৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে শ শ লোক ৷ জানিব পৰা মতে শুকুৰবাৰৰ দিনটোত বাজাউৰা অঞ্চলত প্ৰায় 500 খন সৰু-বৰ বাহন আৱদ্ধ হৈ আছে ৷

চাৰিলেনযুক্ত পথৰ ক্ষতি:

বিগত মাহত হিমাচল প্ৰদেশৰ আটাইতকৈ উচ্চাকাংক্ষী পথ প্ৰকল্পসমূহৰ ভিতৰত কিৰাটপুৰ-মানালী চাৰিলেন ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল । 11 বছৰ ধৰি 1,500 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল এই চাৰিলেনটো ৷ কিন্তু ধাৰাসাৰ বৰষুণৰ আৰু ভূমিস্খনলৰ ফলত পথটোৰ বিভিন্ন স্থানত ডাঙৰ ফাঁট মেলিছে ৷ মাত্ৰ এমাহ পূৰ্বে নিৰ্মাণ কৰা পথটো জৰাজীৰ্ণ হৈ পৰাৰ পাছতেই ইয়াৰ নিৰ্মাণ আৰু মানদণ্ড সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ৷

কুল্লু-মাণ্ডি সংযোগী পথ বন্ধ:

কিৰাটপুৰ-মানালী চাৰিলেন আৰু কুল্লু-কাটোলা সংযোগী পথ দুটা যোৱা তিনিদিন ধৰি বন্ধ হৈ আছে । যাৰ বাবে বাজাউৰাত 500 তকৈও অধিক বাহন আবদ্ধ হৈ আছে ৷ ইয়াৰ ভিতৰত অধিকাংশই হৈছে সমাগ্ৰী, পাচলি আৰু ফল-মূল ভৰ্তি ট্ৰাক ৷ কিন্তু তিনিদিন ধৰি পথ বন্ধ হৈ থকাৰ বাবে ট্ৰাকৰ ভিতৰত থকা কেঁচা পাচলিসমূহ বেয়া হ’বলৈ আৰম্ভ কৰিছে ৷ ফলত এইসমূহ পেলাই দিবলৈ বাধ্য হৈছে ট্ৰাক চালকসকল ৷

প্ৰশাসনৰ লেহেমীয়া অভিযান:

চালকসকলে অভিযোগ উত্থাপন কৰিছে যে NHAI আৰু জিলা প্ৰশাসনে পথ মুকলি কৰাৰ কাম অতি লেহেম গতিৰে কৰি আছে ৷ যাৰ ফলত কৃষক,ব্যৱসায়ীসকলে অধিক সমস্যাৰ সন্মুখীন হৈছে ৷ জীপ আৰু ট্ৰাকত ৰখা ফল আৰু পাচলি এতিয়া ক্ষতিগ্ৰস্ত হৈছে । ব্যৱসায়ী আৰু কৃষকসকলেও লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিত, বেছিভাগ চালকে ফল-মূল আৰু পাচলি বিয়াছ নদীত পেলাই দিছে ৷

মুঠৰ ওপৰত ৰাজ্যখনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ৷ বিগত এমাহ ধৰি ৰুষ্ট প্ৰকৃতিৰ কৱলত পৰিছে হিমাচল প্ৰদেশ ৷

লগতে পঢ়ক:One person dies in landslide: দাৰ্জিলিঙত ভূমিস্খলনত এজন লোকৰ মৃত্যু

ABOUT THE AUTHOR

...view details