নেশ্যনেল ডেস্ক,১১ জুলাই :কেৰালাৰ এটা গ্লাছ ফেক্টৰীত শোকাৱহ দুৰ্ঘটনা । কৰ্মৰত অৱস্থাত গাৰ ওপৰত পৰিল বৃহৎ আকাৰৰ গ্লাছৰ ফলক । দুৰ্ঘটনাটোত মৃত্যু হয় ধন কুমাৰ নামৰ এজন শ্ৰমিকৰ । ধন কুমাৰ অসমৰ যুৱক বুলি জানিব পৰা গৈছে ।
জানিব পৰা মতে কেৰালাৰ এৰ্নাকুলাম ইদায়াৰ ৰয়েল গ্লাছ ফেক্টৰীত সংঘটিত হৈছে এই দুৰ্ঘটনাটো । ষ্টিকাৰ লগাই থকাৰ সময়তে প্ৰব্ৰজনকাৰী শ্ৰমিকজনৰ গাৰ ওপৰত খহি পৰে গ্লাছৰ ডাঙৰ ফলক । ফলত শ্ৰমিকজনৰ মৃত্যু হয় । দুৰ্ঘটনাটোত নিহত অসমৰ বাসিন্দা ধন কুমাৰৰ বয়স ২০ বছৰ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাটো মঙলবাৰে পুৱা প্ৰায় ২.৪০ মান বজাত সংঘটিত হৈছে ।
প্ৰাথমিক তদন্তৰ ভিত্তিত সন্দেহ কৰা হৈছে যে ট্ৰলী ষ্টেণ্ড খহি পৰাৰ বাবে গ্লাছৰ ডাঙৰ ফলকবোৰ শ্ৰমিকজনৰ গাৰ ওপৰত বাগৰি পৰে । ফলত শ্ৰমিকজন গধুৰ গ্লাছ আৰু যন্ত্ৰৰ মাজত আৱদ্ধ হৈ পৰে । জানিব পৰা মতে সেই সময়ত বাকী শ্ৰমিকসকল তেওঁৰ পৰা কিছু আঁতৰত আছিল । দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাচতে এলোৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল সেই ফেক্টৰীটোত উপস্থিত হয় । উদ্ধাৰকাৰী দলটোৱে গ্লাছবোৰ আঁতৰাই দিয়ে আৰু গুৰুতৰভাৱে আহত শ্ৰমিকজনক উদ্ধাৰ কৰে ।