আগৰতলা,১৭ আগষ্ট :ভাৰত চৰকাৰে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । বিভিন্ন আঁচনিৰ লগতে চুবুৰীয়া দেশৰ সৈতে এই ক্ষেত্ৰত বুজাবুজি চুক্তিও সম্পন্ন কৰিছে ভাৰত চৰকাৰে । বিশেষকৈ বাংলাদেশৰ সৈতে থকা দীৰ্ঘদিনীয়া বাণিজ্যিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰি আহিছে চৰকাৰে । ইফালে বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে উত্তৰ-পূৱৰ অন্যতম ৰাজ্য ত্ৰিপুৰা আৰু চুবুৰীয়া বাংলাদেশৰ মাজত যোৱা চাৰি বছৰত বাণিজ্য যথেষ্ট বৃদ্ধি পাইছে (Trade between Tripura and Bangladesh increased)।
সূত্ৰৰ মতে ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্য ১৫৮ শতাংশ বৃদ্ধি পাইছে (Trade between Tripura and Bangladesh increases by 158 per cent)। সূত্ৰটোৱে উল্লেখ কৰা মতে ২০১৭-১৮ বৰ্ষত তেতিয়াৰ চিপিআই (এম) চৰকাৰৰ সময়ছোৱাত ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত বাণিজ্যৰ পৰিমাণ আছিল ৩৯০.৬৮ কোটি টকা । আনহাতে ২০২১-২২ বিত্তীয় বৰ্ষত এই বাণিজ্যৰ পৰিমাণ ১,০০৮.৪০ কোটি টকা হোৱা বুলি জানিব পৰা গৈছে ।