নিউজ ডেস্ক,২৮ জানুৱাৰী: গণৰাজ্য দিৱসৰ ট্ৰেক্টৰ ৰেলীত আৰক্ষী আৰু কৃষকৰে হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত ইতিমধ্যে দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে কেবাটাও গোচৰ । এই গোচৰত নাম সাঙোৰ খাইছে স্বৰাজ ইণ্ডিয়াৰ সভাপতি যোগেন্দ্ৰ যাদৱ,সমাজ কৰ্মী মেধা পাটকাৰ আৰু ভাৰতীয় কৃষক সংঘৰ হাৰিয়ানা গোটৰ সভাপতি গুৰনাম সিং চানডুনি,অভীক সাহা,জয় কিষাণ আৰু ভাৰতীয় কিষাণ সংঘৰ মুখপাত্ৰ ৰাকেশ টিকাইতৰ লগতে দৰ্শন পাল সিং,চতনাম সিং পান্নু, বুটা সিং বুৰ্জগিল আৰু যোগিন্দৰ সিং উগ্ৰাহাৰকে ধৰি ৩৭ গৰাকী কৃষক নেতাৰ ।
এইসকল কৃষক নেতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ বিভিন্ন ধাৰাৰ অধীনত ক্ৰমে মাৰপিটৰ ধাৰা ১৪৭,১৪৮,অপৰাধমূলক ষড়যন্ত্ৰৰ ধাৰা ১২০ বি আৰু হত্যাৰ চেষ্টাৰ ধাৰা ৩০৭ৰ অধীনত গোচৰ ৰুজু কৰে। অপৰাধমূলক কাৰ্যৰে জৰিত ২৫ খনতকৈও অধিক এজাহাৰ দাখিল কৰা হৈছে । এই বিদ্ৰোহৰে জৰিত ইতিমধ্যে ১৯ গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৫০ গৰাকী প্ৰতিবাদকাৰীক আটক কৰা হৈছে ।
কৃষি আইনৰ বিৰোধিতা কৰি কৃষকসকলে উলিওৱা বিশাল প্ৰতিবাদী ট্ৰেক্টৰ ৰেলীত আৰক্ষী আৰু কৃষকৰ মাজত হোৱা হতাহতিত ৩৯৪ গৰাকী আৰক্ষী গুৰুতৰভাৱে আহত হয়। আহতসকলৰ অধিকাংশই আই চি ইউত চিকিৎসাধীন ।